প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানক ফেইচবুকত হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ

Hafizur Rahman

প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানক হত্যাৰ ভাবুকি দিয়া হাফিজুৰ ৰহমান।

বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানক ফেইচবুকত হত্যাৰ ভাবুকি দিয়া যুৱকজনক যোৱা নিশা  গোপন সূত্ৰৰ পম খেদি হাউলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হাউলী চহৰৰ ১নং ৱাৰ্ডৰ এই যুৱকজনৰ নাম হাফিজুৰ ৰহমান।

উল্লেখযোগ্য যে এই যুৱকজনে নিজৰ ফেইচবুক পোষ্টৰ জৰিয়তে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ প্ৰতি ঘৃণা প্ৰকাশ কৰাৰ লগতে তেওঁক হত্যা কৰিম বুলি কৈছিল। তেওঁৰ ফেইচবুক পোষ্টটোত এইদৰে কোৱা হৈছিল-

Bed Luck.

I don’t suported.

I kill you Rahim khan.

I hate you Rahim Khan .

Rahim Khan murdabad.

যুৱকজনৰ এই পোষ্টটোৰ পিছতে যোৱা ১১ জুনত প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে হাউলী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। খানে গোচৰ ৰুজু কৰাৰ পিছৰ পৰাই যুৱকজনে আত্মগোপন কৰি আছিল। অৱশেষত যোৱা নিশা গোপন খবৰৰ ভিত্তিত যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ স্নাতক উত্তীৰ্ণ হাফিজুৰৰ বয়স ২৫ বছৰ৷

মন কৰিব লগীয়া যে শেহতীয়াকৈ ৰাজ্যখনত ফেইচবুকৰ অপব্যৱহাৰ বৃদ্ধি পোৱা গৈছে। ইয়াৰ ভিতৰত নিজৰ মতাদৰ্শৰ লগত নিমিলা লোকৰ প্ৰতি ঘৃণা প্ৰকাশ, হত্যাৰ ভাবুকিয়েই প্ৰধান। কিছু দিনৰ পূৰ্বে কৃষক মুক্তিৰ নেতা অখিল গগৈকো ফেইচবুকৰ মজিয়াক ব্যৱহাৰ কৰি এজন লোকে হত্যাৰ ভাবুকি দিছিল। বিভিন্ন ঠাইত ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল যদিও আজি পৰ্য্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অভিযুক্তক।