প্ৰাপ্য অধিকাৰৰ দাবীত শোনিতপুৰৰ বালিপৰাৰ ফুলবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ATTACHMENT

প্ৰাপ্য সা- সুবিধাৰ পৰা বঞ্চিত প্ৰায় দুই সহস্ৰাধিক শ্ৰমিকৰ প্ৰতিবাদত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শোনিতপুৰৰ বালিপৰাৰ ফুলবাৰী চাহ বাগিচাত। দীৰ্ঘদিনৰ পৰা বঞ্চিত তথা বাগিচা কৰ্তৃপক্ষৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাখনৰ সহস্ৰাধিক শ্ৰমিকে।

শ্ৰমিকসকলে কৰা অভিযোগ অনুসৰি বিগত প্ৰায় বহু বছৰ ধৰি বাগিচাখনৰ কৰ্তৃপক্ষই তেওঁলোকক প্ৰাপ্য সা-সুবিধা সমূহৰ পৰা বঞ্চিত কৰি আহিছে। এই সন্দৰ্ভত অভিযোগ দাখিল কৰিলেও কোনো গুৰুত্ব নিদিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষই।

আনকি শ্ৰমিকসকলে যি সমূহ সা-সুবিধা পাব লাগিছিল সেই সুবিধা সমূহ কৰ্তন কৰি বাগিচা কৰ্তৃপক্ষই নিজৰ খেয়ালখুচি মতে নিয়ম কৰি শ্ৰমিক সকলক চৰম বঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ভূক্তভোগী শ্ৰমিকসকলে। সেয়হে আজি পুৱা বাগিচাখনৰ কাৰখানৰ সন্মুখত প্ৰায় ২ সহস্ৰধাধিক শ্ৰমিকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

কিনকিনিয়া বৰষুণৰ মাজতো শ্ৰমিক সকলে ছাতি লৈ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যদিও এই ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সেয়েহে শ্ৰমিক সকলে বিষয়টোত চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছে।