প্ৰিয়া ছেত্ৰীৰ দখলত ছিকিম আন্তঃবিদ্যালয় দ্ৰুত দবা টুৰ্নামেণ্টৰ খিতাপ

Priya-Chhetri-266x200

ছিকিম দবা এছ’চিয়েশ্যনে আয়োজন কৰা আন্তঃবিদ্যালয় দ্ৰুত দবা টুৰ্নামেণ্টৰ বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰিয়া ছেত্ৰী। আনহাতে ভোজ বাহাদুৰ ছেত্ৰী আৰু সৌৰভ চুব্বাই দখল কৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৩৫ খন বিদ্যালয়ৰ প্ৰায় ৩০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

আয়োজক সন্থাই জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাখনত বিজয়ী তিনিগৰাকী প্ৰতিযোগিৰ উপৰি চতুৰ্থ স্থানত চেজাল ৰায়, পঞ্চম চেৰিং ফাণ্টছক ভূটীয়া, ষষ্ঠ পুষ্পা গুৰুং, সপ্তম স্থানত ৰিক গুপ্তা, অষ্টমত নমিতা প্ৰধান, নৱম স্থানত আৰ্জেন থিনলাই চেৰ্পা, দশম অভিনৱ কুমাৰ ঝা, একাদশ নিতেশ কুমাৰ প্ৰসাদ, দ্বাদশ গৰৱ আচাৰ্য, ত্ৰয়োদশ সুৰক্ষা ৰায়, চতুৰ্দশ স্থানত অনুষা চেত্ৰী আৰু পঞ্চদশ স্থান প্ৰখৰ ধাঙৰে দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে শীৰ্ষ ১৫ গৰাকী খেলুৱৈক ট্ৰফী, মেডেল, নগদ ধন আৰু এখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰি ল’ৰা আৰু ছোৱালীৰ দুয়োটা শাখাতে অনুষ্ঠিত হোৱা ৭, ৯, ১১, ১৩ আৰু ১৫ বছৰ অনুৰ্ধৰ বিজয়ী সকলোকো প্ৰমাণ পত্ৰ আৰু মেডেল প্ৰদান কৰা হয়।

জি এম চিৰ অধ্যক্ষ আশীষ ৰায়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে। উল্লেখ্য যে প্ৰথম বাৰৰ বাবে ছিকিম দবা এছ’চিয়েশ্যনে ৰাজ্যখনত এনেধৰণৰ দ্ৰুত দবা টুৰ্নামেণ্টৰ আয়োজন কৰিছিল। চুইছ লীগ পদ্ধতিত খেলা টুৰ্নামেণ্টখন ৬ টা ৰাউণ্ডত অনুষ্ঠিত হৈছিল।

প্ৰতিযোগিতাখনৰ ট্ৰফী সমূহ বি এছ এন এলে যোগান ধৰা বাবে ছিকিম দবা এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক মহেন্দ্ৰ ধাকালে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা বিদ্যালয়, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক সকলকো বিশেষভাৱে ধন্যবাদ জনায়।