পৰেশ অসমৰ শান্তি আহ্বানৰ পিছতো কিয় নীৰৱ মোদী?

Paresh_Baruah

ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাৰ কাৰণে প্ৰস্তুত বুলি আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমে শেহতীয়াকৈ কে’বাবাৰো ঘোষণা কৰা সত্ত্বেও এতিয়ালৈকে ভাৰত বা অসম চৰকাৰে প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া।

‘ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে সম্পূৰ্ণৰূপে সাজু’ বুলি পৰেশ অসমে কৰা ঘোষণা যোৱা ২১ জুনত অসমৰ এখন বাতৰি কাকতত প্ৰকাশ পাইছিল।

তাৰ মাত্ৰ কিছুদিন পূৰ্বে যোৱা ৫ মে’ত শান্তি আলোচনাৰ বাবে নিজৰ আগ্ৰহৰ কথা অসমৰ এক টিভি চেনেলৰ সৈতে হোৱা কথা-বাৰ্তাত জনাইছিল আলফা নেতাজনে।

অৰৱিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ গোটৰ সৈতে আলোচনা চূড়ান্ত পৰ্য্যায়ত উপনীত হোৱা বুলি ভাৰত চৰকাৰ তথা আলোচনাপন্থী আলফাই দাবী কৰি অহাৰ সময়ত উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনসমূহৰ অন্যতম মুখ পৰেশ অসমক শান্তি আলোচনাত সামৰি লোৱাটো অসমৰ স্থায়ী শান্তিৰ কাৰণে নিশ্চিতভাৱে হ’ব গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে আলফাৰ সৈতে আলোচনা চূড়ান্ত স্তৰত থকা বুলি যোৱা ৭ এপ্ৰিলত আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনা স্বয়ং কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে গুৱাহাটীত ঘোষণা কৰিছিল।

খাপলাঙৰ মৃত্যু আৰু এন এচ চি এন (আই এম)ৰ সৈতে কেন্দ্ৰৰ দীৰ্ঘদিনধৰি চলি থকা শান্তি আলোচনাই ‘নাগা চুক্তি’ৰ ৰূপ ল’ব বুলি চৰকাৰ আৰু বিদ্ৰোহী দুয়োপক্ষই দাবী কৰি অহাৰ সময়ত শান্তি আলোচনাত পৰেশ বৰুৱাৰ অংশগ্ৰহণে উত্তৰ-পূবৰ বিদ্ৰোহী সমস্যাটোকে দিব পাৰে এক সুদূৰপ্ৰসাৰী গতি যিটো ভাৰত চৰকাৰৰ লগতে অঞ্চলটোৰ কাৰণেও হ’ব পাৰে স্বস্তিদায়ক।

তাৰোপৰি পৰেশ অসমে ৰাষ্ট্ৰসংঘৰ নিৰীক্ষণত আলোচনা আৰু তৃতীয় দেশত আলোচনা-ৰ প্ৰসংগ উত্থাপন কৰা নাই যিটো ভাৰত চৰকাৰৰ কাৰণে হ’ব পাৰে কেৱল সৌভাগ্য।

‘গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই। গণতন্ত্ৰ আলোচনা আৰু কথা-বতৰাৰ যোগেদি চলে, বন্দুকেৰে নহয়’ বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আহি অসমৰ মাটিতে বাৰেচহৰীয়া ভাওনা উদ্বোধন কৰিবলৈ আহি যোৱা ১ মাৰ্চত ঘোষণা কৰিছিল।

এনে পৰিস্থিতিত আলফা (স্বাধীন)এই নহয় উত্তৰ-পূবৰ সকলো উগ্ৰপন্থীৰে সংগঠনসমূহৰে প্ৰধান নেতা হিচাপে নেতৃত্ব দি অহা আলফা নেতাজনক শান্তি আলোচনাত জৰিত কৰাটো চীনৰ সৈতেও হ’লহেঁতেন ভাৰত ৰাষ্ট্ৰৰ এক কূটনৈতিক বিজয় আৰু ভাৰতে ‘এক্ত ইষ্ট নীতি’ অনুসৰি পূবত ভালকৈ দৃষ্টি দিব পাৰিলেহেঁতেন।

কিন্তু বিকাশৰ বাবে লগা শান্তি আৰু সমাধান হ’ব পৰা জাতীয় সমস্যা এটাত তৎপৰ নহৈ কিয় নীৰৱ ‘বিকাশ পুৰুষ’ প্ৰধান মন্ত্ৰী মোদী আৰু ‘জাতীয় নায়ক’ মুখ্য মন্ত্ৰী সোণোৱাল?

আলফাৰ সৈতে আলোচনাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা বুলি ইতিমধ্যে চৰকাৰ আৰু বিদ্ৰোহী দুয়োপক্ষই স্বীকাৰ কৰা ৰেৱতী ফুকনৰ ‘নিৰুদ্দেশ’টো ৰহস্যজনক চৰকাৰৰ ভূমিকা। আনে কোৱা নাই; ৰাইজক নহয়, আদালততহে দাখিল কৰিব পৰাকৈ ৰেৱতী ফুকন সম্বন্ধীয় তথ্য আছে বুলি চৰকাৰী পক্ষৰ পৰাই কোৱা হৈছে।

এনে প্ৰেক্ষাপটত এই প্ৰশ্নটো উঠিব পাৰেনে- অসমত সঁচাকৈয়ে স্থায়ী শান্তি বিচাৰেনে ভাৰত চৰকাৰে?