ফলৰ কাৰণে প্ৰথমবাৰৰ বাবে মিজোৰামত স্থাপন হ’ল  ইণ্ডো-ইজৰাইলী চেন্টাৰ অৱ এক্সিলেন্স

mizoram

ফল সংৰক্ষণ আৰু ফলৰ খেতি বিকাশৰ বাবে প্ৰযুক্তিগত দিশত এটা আগবঢ়াৰ বাবে বাবে ইণ্ডো-ইজৰাইলী চেন্টাৰ ফ’ৰ  এক্সিলেন্স মিজোৰামত স্থাপন হৈছে।  এই কেন্দ্ৰটো ইণ্ডো-ইজৰাইলী কৃষি গৱেষণা আৰু বিকাশৰ এটি কেন্দ্ৰ হৈ উঠিব বুলি জানিব পৰা গৈছে। ইয়াত ভাৰতৰ পৰিৱেশৰ লগত খাপ  খোৱাকৈ স্থানীয় বিশেষজ্ঞৰ দ্বাৰা ইজৰাইলৰ আটাইতকৈ উন্নত নাৰ্ছাৰী আৰু ফল ৰোপনৰ প্ৰযুক্তি প্ৰদৰ্শন কৰা হ’ব।

মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাওলা আৰু ইজৰাইলৰ ৰাষ্ট্ৰদূত ডেনিয়েল কাৰমন এই কেন্দ্ৰটো উদ্বোধন কৰে যোৱা ৭ মাৰ্চত।

এই কেন্দ্ৰটো  দক্ষিণ মিজোৰামৰ লুংলেই জিলাৰ হাউলাওনং আৰু মুৱালথুৱাম গাঁৱৰ মাজত অৱস্থিত। এই কেন্দ্ৰটোত বিশেষকৈ নেমু জাতীয় ফল সংৰক্ষণ হ’ব বুলি জানিব পৰা গৈছে।

প্ৰায় ৯০০,০০০,০০০ টকা ব্যয় সাপেক্ষে এই কেন্দ্ৰটো নিৰ্মান কৰা হৈছে। মিশ্যন ফ’ৰ ইণ্টিগ্ৰেটেড ডেভেলেপমেণ্ট অৱ হৰ্টিকালছাৰ (এমআইডিএইচ) আৰু ইজৰাইলী চৰকাৰৰ সহযোগত এই কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছে।

মিজোৰামৰ মুখ্য মন্ত্ৰীজনে ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু ৰাজ্যিক উদ্যান শস্য মন্ত্ৰী পি চি লালথানলিয়ানাক  ৰাজ্যখনত উত্তৰ-পূৰ্বাঞ্চলৰে সৰ্বপ্ৰথমটো ইণ্ডো-ইজৰাইলী চেন্টাৰ ফৰ এক্সিলেন্স প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত লোৱা উদ্যোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

মন্ত্ৰী গৰাকীয়ে  কয়,’’ পৰিপূৰ্ণ বিশ্বাসেৰে, উদ্যোগেৰে আৰু সাধুতাৰে আমি আমাৰ ভূমিৰ সংস্কাৰ সাধন কৰিম।‘ তেওঁ এই কেন্দ্ৰটোক ৰাজ্যখনৰ বিকাশৰ এটা মাইলৰ খুটি বুলি অভিহিত কৰে।

এই কেন্দ্ৰটোৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ বাবে ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে আনন্দ প্ৰকাশ কৰে আৰু ইয়াক মিজোৰামৰ ৰাইজৰ উদ্দ্যেশে অৰ্পণ কৰে।