ফেনি নদীৰ ওপৰত নতুন দলং নিৰ্মাণৰ সিদ্ধান্তত অনুমোদন বাংলাদেশৰ

ত্ৰিপুৰাৰ দক্ষিণ অঞ্চলৰ সৈতে চিটাগং বন্দৰক সংযোগৰ এক নতুন সম্ভাৱনা মুকলি কৰি বাংলাদেশে ফেনি নদীৰ ওপৰত এখন নতুন দলং নিৰ্মাণৰ সিদ্ধান্তত অনুমোদন জনায়। এই সিদ্ধান্তটো ৰামগড়ত অনুষ্ঠিত এখন দ্বিপাক্ষিক বৈঠকত লোৱা হয়। উক্ত দ্বিপাক্ষিক বৈঠকত উপস্থিত আছিল ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ সচিবৰ নেতৃত্বত যোৱা এটা প্ৰতনিধি দল আৰু বাংলাদেশৰ পথ পৰিবহণ আৰু দলং মন্ত্ৰী অ’বেইদুল কোৱাদাৰৰ নেতৃত্বত ইঞ্জিনীয়াৰ আৰু প্ৰশাসকৰ এটা দল। বৈঠকত বাংলাদেশৰ দিশত থকা সংযোগী পথটো নিৰ্মাণৰ জটিলতা সন্দৰ্ভত আলোচনা কৰা হয়। বাংলাদেশৰ মন্ত্ৰীজনে কয় যে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি এইবোৰ ভাৰতৰ বাবে প্ৰেৰণ কৰা হ’ব, যাতে খৰতকীয়াকৈ কাম আৰম্ভ কৰিব পৰা যায়।

ফেনি নদীৰ ওপৰৰ ১৫০ মিটাৰৰ দৈৰ্ঘ্যৰ এই গুৰুত্বপূৰ্ণ দলংখনে ভাৰতীয় লোকক চিটাগং বন্দৰৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিব। ই কেৱল ত্ৰিপুৰাৰে নহয় সমগ্ৰ উত্তৰ-পূব ভাৰতকে গুৰুত্বপূৰ্ণ সংযোগ দিব। দলংখনৰ আধাৰশিলা যোৱা ২০১৫ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাৰ দ্বাৰা যুটীয়াভাৱে স্থাপন কৰা হৈছিল।

উল্লেখযোগ্য যে মাত্ৰ কেইদিন মানৰ পূৰ্বে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক সৰকাৰে বাংলাদেশক আহ্বান জনাইছিল যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে বাণিজ্যিক-অৰ্থনৈতিকভাৱে অতিকৈ গুৰুত্বপূৰ্ণ চিটাগং বন্দৰক বাংলাদেশে অঞ্চলটোৰ ব্যৱসায়-বাণিজ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুমতি দিব লাগে।

লগতে পঢ়ক : উত্তৰ-পূবৰ ৰাজ্যকেইখনক চিটাগং বন্দৰ ব্যৱহাৰ কৰিবলৈ দিবলৈ বাংলাদেশক আহ্বান মানিক সৰকাৰৰ