বগীধলা চাহ বাগিচাৰ মালিক ভাতৃদ্বয় সুধীৰ ৰয় আৰু সমীৰ ৰয়ক শাস্তি প্ৰদানৰ দাবীত পুনৰ প্ৰতিবাদ
গোলাঘাট জিলাৰ বগীধলা চাহ বাগিচাৰ মালিক ভাতৃদ্বয় সুধীৰ ৰয় আৰু সমীৰ ৰয়ক উচিত শাস্তি প্ৰদানৰ দাবীত পুনৰ সৰৱ হৈ উঠিল চাহ বাগিচাৰ শ্ৰমিকৰ লগতে চাহ মুক্তি সংগ্ৰাম সমিতি(স্বতন্ত্ৰ)ৰ নেতৃবৃন্দ ।
প্ৰতিবাদকাৰী চাহ মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ) আৰু বগীধলা চাহ শ্ৰমিকসকলে বগীধলা বাগিচাৰ পৰা আজি এক প্ৰতিবাদী সমদল উলিয়াই নুমুলীগড় মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।।
বগীধলা চাহ বাগিচাৰ মালিক সুধীৰ ৰয় আৰু সমীৰ ৰয়ক শাস্তি প্ৰদান, বগীধলা বাগিচা পুনৰ মুকলি কৰা, চাহ শ্ৰমিকক প্ৰাপ্য প্ৰদান কৰা আদি বিভিন্ন শ্লোগানেৰে এক উত্তেজনাময় পৰিৱেশ গঢ়ি তোলে।
প্ৰতিবাদকাৰীসকলে উত্থাপন কৰা তেওঁলোকৰ দাবী তথা সমস্যাসমূহ শীঘ্ৰে সমাধান নকৰিলে ভৱিষ্যতে অধিক ভয়াৱহ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে বাগিচাৰ শ্ৰমিকসকলে আত্মজাহ দিয়াৰো হুংকাৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে যোৱা বছৰৰে ১৩ ডিচেম্বৰত গোলাঘাট জিলাৰ বগীঢলা চাহ বাগিচাখনৰ মালিক পক্ষই শ্ৰমিকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিল।
বাগিচাখনৰ কিছু সংখ্যক শ্ৰমিকে নিজৰ প্ৰাপ্য মজুৰি বিচাৰি মালিক সমীৰ ৰয় আৰু সুধীৰ ৰয়ৰ লগত আলোচনাত মিলিত হৈ থকা সময়তে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু পৰিস্থিতিৰ খবৰ পায় ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈছিল যদিও আৰক্ষী বিষয়াৰ উপস্থিতিতে মালিকদ্বয়ে শ্ৰমিকসকলৰ ওপৰত গুলী চালনা কৰে যাৰ ফলত ১৪ জন শ্ৰমিক গুৰুতৰভাবে আঘাত প্ৰাপ্ত হৈছিল।