বঙাইগাঁৱত ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰিলে এন টি পি চিয়ে

গণতন্ত্ৰ দিৱস উদযাপনৰ অংশ হিচাপে শুকুৰবাৰে বঙাইগাঁৱৰ নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যনে (এনটিপিচি) জিলাখনৰ গ্ৰামাঞ্চলৰ ছাত্ৰীসকলক চাইকেল বিতৰণ কৰে।

বঙাইগাঁৱৰ বৰদৈ শিকলা মহিলা সংঘৰ সহযোগত কোম্পানীটোৰ সামাজিক দায়বদ্ধতা শাখা (চিএছআৰ)ৰ অধীনত ছাত্ৰীসকললৈ চাইকেলসমূহ বিতৰণ কৰা হৈছিল।  জিলাখনৰ কঠালগুৰি, গৌৰাংটাৰী, ঢোলমাৰা, ছিলকাটাৰাই, ছিলজানি আৰু ছহৰপুৰৰ ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰা হয়।

বঙাইগাঁও এনটিপিচিৰ গ্ৰূপ মহাপ্ৰৱন্ধক  দীপাংকৰ বসু, মহা প্ৰৱন্ধক (অপাৰেশ্যন) ৰাকেশ কুমাৰ, বৰদৈ শিকলা মহিলা সংঘৰ সভানেত্ৰী ড০ অঞ্জলি কুমাৰ আৰু সংঘটোৰ জ্যেষ্ঠ সদস্যসকল অনুষ্ঠানটোত উপস্থিত থাকে আৰু ছাত্ৰীসকলক চাইকেলসমূহ বিতৰণ কৰে।

উচ্চ মাধ্যমিক পৰ্যায়ৰ মুঠ ৩৬ গৰাকী ছাত্ৰীয়ে চাইকেল লাভ কৰে।

অনুষ্ঠানটোত বক্তৱ্য ৰাখি বঙাইগাঁও এনটিপিচৰ গ্ৰূপ মহা প্ৰৱন্ধক দীপাংকৰ বসুৱে সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাই কয় যে চাইকেল লাব কৰা ছাত্ৰীসকলক বিদ্যালয়ত নিয়মিত উপস্থিত থকাৰ বাবে উৎসাহিত কৰিব। এই ক্ষুদ্ৰ পদক্ষেপে সমাজত ছোৱালীসকলৰ শিক্ষাৰ বিকাশত উৎসাহ যোগাব বুলিও তেওঁ কয়।

অনুষ্ঠানত ভাষণ দি কেয়া বসুৱে কয় যে সকলো ছোৱালীৰ বাবে শিক্ষা প্ৰয়োজন আৰু তেওঁলোকে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব পাৰে। তেওঁ লগতে কয় যে ইয়াৰ সমাজৰ কল্যাণৰ প্ৰতি এনপিটিচি সদায়  দায়বদ্ধ আৰু এইক্ষেত্ৰত ইয়াৰ এক শক্তিশালী চিএছআৰ নীতি আছে।

ইয়াৰ আগেয়ে বসুৱে ত্ৰিৰংগা পতাকা উত্তোলন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বাল ভৱন আৰু চিআইএছএফৰ শিশুসকলৰ এক বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰদৰ্শনৰো আয়োজন কৰা হৈছিল।