বজালী কলেজত থকা এন আৰ চি ( NRC ) উন্নীতকৰণ কেন্দ্ৰটো আঁতৰাই নিবৰ বাবে কলেজখনৰ বৰ্তমান আৰু প্ৰাক্তন একাংশ ছাত্ৰ নেতাই দাবী জনাইছে। দুদিনৰ ভিতৰত এন আৰ চি কেন্দ্ৰটো স্থানান্তৰ নকৰিলে অহা ২১ এপ্ৰিলত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিছে ছাত্ৰ নেতাকেইজনে।
এন আৰ চি কেন্দ্ৰটোৱে কলেজখনৰ শৈক্ষিক পৰিৱেশৰ লগতে পৰিচ্ছন্নতা বিনষ্ট কৰিছে বুলি দাবী কৰি কেন্দ্ৰটো আন ঠাইলৈ উঠাই নিয়াৰ বাবে ছাত্ৰ নেতাসকলে কালি ১৯ এপ্ৰিলত অধ্যক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
স্মাৰক পত্ৰখনত কোৱা হৈছে যে ‘এন আৰ চি উন্নীতকৰণৰ বাবে অহা লোকসকলে কলেজৰ প্ৰস্ৰাৱগাৰ আদি ব্যৱহাৰ কৰা আৰু ধঁপাতজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত কলেজখনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে।’
কলেজখনৰ ২০১৩-১৪ বৰ্ষৰ সাধাৰণ সম্পাদক কংকণ তালুকদাৰ, ২০১৬-১৭ বৰ্ষৰ সাধাৰণ সম্পাদক প্ৰিন্স তালুকদাৰ আৰু ২০১৭-১৮ বৰ্ষৰ সাধাৰণ সম্পাদক ৰাকেশ তালুকদাৰ, সভাপতি ৰাহুল ডেকা আৰু সহকাৰী সাঃ সঃ দীপংকৰ কলিতাই স্মাৰক পত্ৰখনত স্বাক্ষৰ কৰিছে।
এন ই নাওক ছাত্ৰ নেতাকেইজনে কয়, ‘কেৱল পঢ়ুওৱা আৰু শিকাই নহয় শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক অন্যান্য সা-সুবিধা দিলেহে কলেজ এখনত শিক্ষাৰ এক সুস্থ পৰিৱেশ বৰ্তি থাকে।’