• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বনাঞ্চলিক বিষয়াই জব্দ কৰিলে অবৈধভাৱে নদীৰ বালি-মাটি কাটি নি থকা দুখন ট্ৰেক্টৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2018 7:48 am
130
VIEWS
Share on FacebookShare on Twitter

বন বিভাগে কটকটীয়া সতৰ্কতা ৰক্ষা কৰা বুলি দাবী কৰি থাকিলে ৰাজ্যৰ বিভিন্ন ঠাইত গোপনে তথা অনুমতিবিহীনভাৱে মাটি কটা, বালি সংগ্ৰহ, কাঠ কটা তথা সৰবৰাহ চলিয়ে থাকে। এইদৰে চলি আহিছে পূৰ্বৰ চৰকাৰৰ দিনৰ পৰাই। গতিকে মাটি কটাৰ বাবে বা নদীৰ পৰা বালি-পলস সংগ্ৰহৰ বাবে বন বিভাগৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন অনুভৱ নকৰে বহু ক্ষেত্ৰত। কিন্তু বন মন্ত্ৰী প্ৰমীলা ৰাণীৰ নেতৃত্বত বন বিভাগে সম্পূৰ্ণকৈ নহ’লেও পূৰ্বৰ এনে উদঙীয়া পৰিস্থিতি ভালেখিনি সলনি কৰিবলৈ সক্ষম হৈছে। বহু ঠাইত অবৈধভাৱে কাঠ সৰবৰাহ, মাটি কটা, বালি কঢ়িওৱা, নদীৰ বুকু খান্দি পলস-মাটি নিয়া গাড়ী জব্দ কৰা হৈছে। কালিও আবেলিৰ ভাগত বন বিভাগে কামৰূপ জিলাৰ বেজেৰাৰ নিকটৱৰ্তী মালাৰা আৰু ইচলামপুৰৰ গাতে লাগি থকা বৰনদীৰ পাৰত নদীৰ মাটি অবৈধভাৱে কাটি থকা অৱস্থাত এখন নম্বৰবিহীন আৰু আন এখন এ এচ ১৩ চি ০৭৪৬ নম্বৰৰ মুঠ দুখন ট্ৰেক্টৰ জব্দ কৰে।

উক্ত অভিযানটো চলিছিল চিলা বনাঞ্চলিক বিষয়া ৰবীন বৈশ্যৰ নেতৃত্বত। বন বিভাগৰ দলটোৱে মাটি কাটি থকা তথা কঢ়িয়াই নি থকা দেখা পায় আৰু লগে লগে দুয়োখন ট্ৰেক্টৰকে জব্দ কৰে। অভিযাকাৰী দলটোৱে ট্ৰেক্টৰ দুখন আমিনগাৱঁৰ চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যলয়লৈ আনি বনবিভাগৰ জিম্মাত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd