তিনিচুকিয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খটংপানী ফৰেষ্ট ৰে’ঞ্জৰ ব্ৰহ্মজানত কালি ৰাতি বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।
নিহত লোকজনক দেবচৰণ কৰ্মকাৰ (৪৫) বুলি চিনাক্ত কৰা হৈছে, আনহাতে আঘাতপ্ৰাপ্ত বিপিন কৰ্মকাৰ বৰ্তমান ডিগবৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
প্ৰাপ্ত তথ্য মতে অঞ্চলটোলৈ অহা বনৰীয়া হাতীৰজাক খেদিবলৈ যোৱা লোক দুজনক জাকটোৰ মাজৰ এটা হাতীয়ে উভতি আক্ৰমণ কৰাত দেবচৰণৰ মৃত্যু হয়।
ঘটনাটোৰ খবৰ লাভ কৰিয়ে বন বিভাগৰ এটা দলে তৎক্ষণাত ঘটনাস্থলীলৈ ৰাওনা হয় বুলি ডুমডুমাৰ বন বিষয়া কে জে জিন্নাহে জানিবলৈ দি কয় যে দুয়োজনকে চিকিৎসালয়লৈ অনা হৈছিল যদিও চিকিৎসকে দেবচৰণক ইতিমধ্যে মৃত ঘোষণা কৰে।
বনাঞ্চলৰ মাটিৰ বেদখল ফলস্বৰূপে ক্ৰমান্বয়ে বনাঞ্চল সমূহ দ্ৰুতভাৱে সংকুচিত হৈ আহিছে, যাৰ বাবে হাতীয়ে খাদ্যৰ সন্ধানত বাহিৰলৈ উলাই আহিবলগীয়া হৈছে বুলি কৈ তেওঁ ইয়াৰ ফলতে বৰ্তমান হাতী-মানুহৰ সংঘাতে গুৰুতৰ ৰূপ লৈছে বুলি মন্তব্য কৰে।
বন বিভাগে জনোৱা অনুসৰি যোৱা এমাহত বনৰীয়া হাতীৰ আক্ৰমণত তিনিচুকিয়া জিলাত ৩ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।