বন বিভাগ- আৰক্ষীৰ যুটীয়া অভিযানত ধৃত চোৰাং চিকাৰী য়াকুব আলীক ৬ দিনৰ জিম্মালৈ প্রেৰণ

ATTACHMENT

গুৱাহাটীৰ মেঘদূত ভৱনৰ সমীপৰ পৰা যোৱা মঙলবাৰে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী য়াকুব আলীৰ ঘৰৰ পাছফালৰ পৰা বুধবাৰে এটা ৩০৩ ৰাইফল, এটা চাইলেঞ্চাৰ, এটা মেগজিন আৰু ২৪ ৰাউণ্ড সক্ৰিয় গুলী উদ্ধাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে দিনৰ ভাগত ধৃত চোৰাং চিকাৰীটোক আদালতত হাজিৰ কৰোৱা হয় ৷

আদালতে দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোক পুনৰ ৬ দিনৰ বাবে বন বিভাগৰ জিম্মালৈ প্ৰেৰণ কৰাত য়াকুবৰ স্বীকাৰোক্তিৰ ভিত্তিত বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলে বৃহস্পতিবাৰে নিশা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১০.৬৭ লাখ টকা ৷

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ হাড়েগাৰী চাপৰিত হত্যা কৰা গঁড়টোৰ খড়্গ বিক্ৰী কৰি পোৱা ধনৰাশিৰ এয়া হৈছে মষ্ট ৱাণ্টেড য়াকুবৰ অংশ ৷ উল্লেখযোগ্য যে ধৃত য়াকুবে খড়্গ বিক্ৰী কৰি পোৱা ধন লুকুৱাই ৰাখিছিল শহুৰেকৰ ঘৰত, যাতে কাৰো সন্দেহ নহয় ৷ জানিব পৰা মতে শাহুৱেক ফাতেমা খাতুনে লুকুৱাই ৰাখিছিল এই বৃহৎ ধনৰাশি ৷

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ধৃত ইয়াকুব আলিৰ ঘৰ চতিয়াৰ ৪ নং ভোজমাৰীত  যদিও শহুৰেকৰ ঘৰ হৈছে বিশ্বনাথৰ ব’লডোঙাত ৷ চোৰাং চিকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা ব’লডোঙাত অভিযান চলাই বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলে ৷

উল্লেখযোগ্য যে যোৱা ২৯ মে’ত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ হাড়েগাৰী চাপৰিত আৰু ২০১৬ চনত কাজিৰঙাৰ বাগৰিত গঁড় হত্যা কৰিছিল বন বিভাগৰ ম’ষ্ট ৱাণ্টেড হিচাপে পৰিচিত য়াকুবে। মুঠ তিনিটা গঁড় হত্যা কৰি খড়্গ কাটি লৈ গৈছিল ধৃত আলীয়ে। কাজিৰঙাৰ বাগৰিত সংঘটিত গঁড় হত্যাৰ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআয়ে।  চিবিআইৰ গোচৰৰ জামিন ল’বলৈ মঙলবাৰে অৰ্থাৎ ২৬ জুনত গুৱাহাটীৰ আদালতলৈ গৈছিল য়াকুব আৰু সেই সময়তেই বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হৈছিল ৷

য়াকুবৰ গ্ৰেপ্তাৰৰ পিছতেই ধৃত চিকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বন বিভাগে লাভ কৰিবলৈ সক্ষম হৈছে এটাৰ পিছত আনটো সফলতা ৷ ২৯ মেৰ গঁড় হত্যাৰ লগত ১০ জন লোক জড়িত আছিল যদিও বৰ্তমানলৈকে অস্ত্ৰ শস্ত্ৰ, লুকুৱাই থোৱা ধনসহ ৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বন বিভাগ ইতিমধ্যে এই সন্দৰ্ভত বন বিভাগে য়াকুবৰ শাহুৱেক ফাতিমাক আটক কৰি  সোধাপোছা অব্যাহত ৰাখিছে।