বশিষ্ঠ পানী যোগান আঁচনিত বিত্তীয় কেলেংকাৰী : তথ্য ৰাজহুৱা কৰাৰ দাবী বশিষ্ঠ পানী যোগান আঁচনি সমিতিৰ

বশিষ্ঠ পানী যোগান আঁচিনৰ সংবাদ মেল

বশিষ্ঠ মন্দিৰত পানী যোগান আঁচনিৰ নামত ব্যাপক কেলেংকাৰী হোৱা বুলি কেইদিনমান পূৰ্বে প্ৰকাশ পোৱা বাতৰিটো সম্পূৰ্ণ ভূৱা বুলি দাবী কৰিছে বশিষ্ঠ মন্দিৰ পানী যোগান আঁচনি সমিতিয়ে।

উল্লেখযোগ্য যে যোৱা ১০ জুন তাৰিখে উক্ত সমিতিৰেই উপসভাপতি মৃণাল মেধিয়ে বশিষ্ঠ অঞ্চলৰ ৰাইজক গোটাই বশিষ্ঠ মন্দিৰৰ সমীপত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে  দুটা সংবাদ মাধ্যমত মৌখিকভৱে উক্ত সমিতিখনৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী আনিছিল।

সেই অভিযোগ সম্পূৰ্ণ মিছা তথা ভিত্তিহীন বুলি আজি দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেলযোগে স্পষ্ট কৰি দিয়ে উক্ত কমিটিখনৰ সভাপতি বীৰেন চন্দ্ৰ হুজুৰীয়ে।

তেওঁ লগতে উপসভাপতি মৃণাল মেধিক কমিটিখনৰ বিৰুদ্ধে অনা বিত্তীয় কেলেংকাৰীৰ অভিযোগ তথ্য প্ৰমাণসহ লিখিতভাৱে দিবৰ বাবে দাবী জনায়।

হুজুৰীয়ে লগতে মৃণাল মেধিৰ প্ৰতি অভিযোগৰ আঙুলি টোঁৱাই কয়, ‘’মৃণাল মেধিয়ে ধৰ্ণা কাৰ্য্যসূচীৰ বাবে যিসকল লোকক ব্যৱহাৰ কৰিছিল সেইসকলক পানী যোগান আঁচনিৰ সভাৰ বাবে আমন্ত্ৰণ কৰি আনিছিল।‘’

‘২০১২ চনৰ পৰা বৰ্তমানলৈকে তিনিখন সমিতিয়ে আঁচনিখন চলাই থকা’ বুলি মত পোষণ কৰি তেওঁ লগতে কয়, ‘’বশিষ্ঠ, বিজয়পুৰ আৰু অৰুন্ধতী, এই তিনিখন গাঁৱত পানী যোগানৰ ব্যৱস্থা হাতত লোৱা হয় যদিও অৰুন্ধতী আৰু বিজয়পুৰতহে পানী যোগান ধৰিব পৰা যায়। বশিষ্ঠ গাঁৱত মাত্ৰ ৫-৬ জন উপভোক্তা হোৱাৰ বাবে তাত আঁচনিখনৰ অধীনত পানী যোগান ধৰাত অসুবিধা হৈছে।‘’

তেওঁ লগতে কয়, ‘’২০১২ চনত আৰম্ভ হোৱা এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত ১৫০ গৰাকী গ্ৰাহকৰ পৰ ১২০০ টকাৰ আমানত ধন সংগ্ৰহ কৰা হয় যদিও প্ৰায় ৫০ জনে ৬০০ টকাকৈ আমানত ধন আদায় দিয়াত মুঠ ১,৫০,০০০ টকা সংগ্ৰহ হয়। লগতে মাহিলী ১৫০ টকাকৈ ২২,৫০০ টকা সংগ্ৰহ হৈছিল। কিন্তু লাহে লাহে গ্ৰাহকৰ সংখ্যা কমি ১২০ জন হোৱাত তেওঁলোকৰ পৰা মাহিলী ২০০ টকাকৈ সংগ্ৰহ কৰা হয়।‘’

তদুপৰি বহু গ্ৰাহকৰ মাহিলী অনাদায় হৈ বৰ্তমান প্ৰায় ১ লাখ টকা অনাদায় হৈ আছে বুলি সদৰী কৰাৰ লগতে তেওঁ কয়, ‘‘লাইটৰ বিলৰ বাবদ ১২,০০০ টকাৰ পৰা ১৫,০০০ টকা, কৰ্মচাৰীৰ দৰমহা ৭০০০ আৰু আঁচনিৰ মেৰামতিৰ বাবদ কমেও ৫০০০ টকা মাহিলী খৰচ হয়। বৰ্তমান আঁচনিৰ বেংকত জমা আছে ২ লাখ টকা।‘’

উল্লেখ্য যে বৰ্তমান পানীৰ উৎস তললৈ নামি যোৱাৰ ফলত ৭/৮ বাৰ পানী  উঠালেও গ্ৰাহকক পানী দুদিনৰ মূৰত ২০০ লিটাৰহে দিব পৰা যায় বুলিও তেওঁ কয়।

আনহাতে, পানীৰ উৎস বঢ়াবলৈ বিভাগীয় মন্ত্ৰীক বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো তেওঁ এই কথাত কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে।

তেওঁ লগতে কয়, ‘’বৰিং কিছু দ কৰি পানী বঢ়াবলৈ প্ৰায় ৫-৭ লাখ টকাৰ প্ৰয়োজন হয়, যিটো সমিতিৰ কাৰণে সম্ভৱ নহয়।‘’