বাংলাদেশৰ পৰা পলাই অহা প্ৰেমিক যুগলক তিনিমাহৰ পিছত ত্ৰিপুৰাত গ্ৰেপ্তাৰ

Bangladeshi-national-nabbed-570x320

ত্ৰিপুৰাত গ্ৰেপ্তাৰ হোৱা দুই বাংলাদেশী নাগৰিক

সীমান্ত সুৰক্ষা বাহিনীৰ ৭১ নং বেটেলিয়নে বৃহস্পতিবাৰে ত্ৰিপুৰাৰ আম্বাছা অঞ্চলৰ পৰা দুগৰাকী বাংলাদেশী নাগৰিকক আটক কৰে।

বিএছএফৰ জোৱানসকলে নিয়মীয়া তহলৰ সময়ত আম্বাছা অঞ্চলৰ পৰা বাংলাদেশী নাগৰিক দুজনক আটক কৰে। বাংলাদেশী নাগৰিক দুজনক ২৬ বছৰীয়া বিশাল চাকমা আৰু ১৮ বছৰীয়া শোভা চাকমা বুলি চিনাক্ত কৰা হৈছে।

দুয়োজনকে আম্বাছা জগতপুৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এইখিনিতে ইয়াত উল্লেখ কৰিব পাৰি যে এই প্ৰেমিক যুগল তিনিমাহ পূৰ্বে বাংলাদেশৰ পৰা পলাই আহি ৰশিয়াবাৰী হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল আৰু যোৱা তিনিমাহ ধৰি তাত আছিল।

জানিব পৰা তথ্য মতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে তেওঁলোকৰ সম্পৰ্কক মানি নোলোৱাৰ বাবে বাংলাদেশৰ পৰা পলাই অহাৰ সিদ্ধান্ত লৈছিল।

বিশাল চাকমা বাংলাদেশৰ ৰঙামাটি বগাইহাটি অঞ্চলৰ বাসিন্দা আৰু শোভা চাকমা চুবুৰীয়া দেশখনৰ খাগ্ৰাচোৰা অঞ্চলৰ জোৰেব্ৰীজ এলেকাৰ বাসিন্দা।

অৱশ্যে, আম্বাছা অঞ্চলৰ পৰা বিএছএফৰ জোৱানে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আম্বাছা আৰক্ষীক গটাই দিয়ে।

আম্বাছা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে দুয়োজন বাংলাদেশী নাগৰিককে আদালতত হাজিৰ কৰোৱা হ’ব।

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকক ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰাৰ ঘটনাই ৰাজ্যখনৰ নিৰাপত্তা আৰু সুৰক্ষাৰ দিশত প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ঘটনাটোৱে পৰৱৰ্তী কেইঘন্টামান পিছতে (৩ মাৰ্চত) অনুষ্ঠিত হ’বলগীয়া ভোটগণনাৰ প্ৰাক্ মুহূৰ্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে ত্ৰিপুৰাত যোৱা ১৮ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়।

আন্ত:ৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ এই দুই বিদেশী নাগৰিক কেনেকৈ ত্ৰিপুৰাত প্ৰৱেশ কৰিব পাৰিলে তাক লৈ ৰাজ্যিক আৰক্ষী বিভাগ আৰু আনকি সীমান্ত বাহিনীৰ কাৰ্যকলাপৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা হৈছে।