NORTHEAST NOW (Assamese)

বাক্সাৰ আনন্দবজাৰত মহিলাক ধৰ্ষণ কৰি চোকা অস্ত্ৰেৰে আক্ৰমণ

April 17, 2018 8:03 pm · শশাংক তালুকদাৰ

ৰাজ্যত শেহতীয়াভাৱে সংঘটিত হৈ অহা নাৰীৰ ওপৰত যৌন  নিৰ্যাতনৰ ঘটনাৰ মাজতে কালি নিশা বাক্সাৰ আনন্দবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত কচুগাঁৱত আন এক এনে নাৰকীয় কাণ্ড সংঘটিত হয়।

প্ৰাপ্ত তথ্য অনুসৰি কচুগাঁৱৰ এগৰাকী বিবাহিতা মহিলাক ৰফিকুল ভূঞা নামৰ এজন পঞ্চাশোৰ্ধৰ লম্পট চৰিত্ৰৰ লোকে প্ৰথমে ধৰ্ষণ কৰি পিছত চোকা অস্ত্ৰৰে আঘাত কৰে।

ঘটনাৰ বিৱৰণি অনুসৰি একেখন গাঁৱৰে ৰফিকুলে নিশা প্ৰায় ১১ বজাত কোনো নথকাৰ সুযোগ লৈ মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি বিজুলী সংযোগ বিছিন্ন কৰি দিয়ে।

ইয়াৰ পিছতে লোকজনে শুই থকা মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰি অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ উপৰি লগত নিয়া চোকা অস্ত্ৰৰে মহিলাগৰাকীৰ দেহত উপৰ্যুপৰি আঘাত কৰে।

লোকজনৰ আক্ৰমণত মহিলাগৰাকীয়ে চিঞৰ-বাখৰত পৰিয়ালৰ অন্য লোকৰ উপৰি ওচৰ-চুবুৰীয়া আহি তেওঁক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক প্ৰথমে শালবাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে দুষ্কাৰ্য সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰা ৰফিকুলক নিৰ্যাতিতা মহিলাগৰাকীৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত আনন্দবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Related News