বাক্সাৰ কুমাৰীকাটাত নৃশংস হত্যাকাণ্ড, এজনক আটক

তামুলপুৰ হত্যাকাণ্ড

হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অৰ্জুন হাচদা। ফটো : নৰ্থইষ্ট নাও

বাক্সা জিলাত তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। বৃহস্পতিবাৰে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। এই হত্যাকাণ্ডই ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

বাক্সা  জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ এন কে আঙাৰকাটাৰ শিমলাবাৰীত হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে বৃহস্পতিবাৰে দিনৰ ভাগত গাঁওখনৰ গাওঁবুঢ়াজনে ভূটান পাহাৰৰ পৰা নামি অহা কালানদীৰ পাৰত এজন ব্যক্তিৰ মৃতদেহ এটি পৰি থকা বুলি আবেলি প্ৰায় আঢ়ৈ বজাত কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষীক খবৰ দিয়ে। খবৰ পায়েই কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাঁচনীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীৰ লোক আৰু স্থানীয় ৰাইজে মৃতদেহটো প্ৰয়াত দীনেশ চৰেণৰ সন্তান ধেনা চৰেন (৪০) বুলি চিনাক্ত কৰে। মৃতদেহটোৰ ওচৰত প্ৰায় পাঁচ ফুট দীঘল এডাল বাঁহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃতদেহটোৰ মুখমণ্ডলত আৰু মূৰত গুৰুতৰ  আঘাতৰ চিন থকাৰ প্ৰতি লক্ষ্য কৰি উক্ত বাঁহ ডালেৰে ধেনাক মৰিয়াই হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

ইফালে একেখন গাওঁৰ অৰ্জুন হাচদা নামৰ লোক এজনে মৃতদেহৰ ওচৰত উদ্ধাৰ হোৱা বাঁহ ডাল উভালি অনা ওচৰৰে এগৰাকী মহিলাই প্ৰত্যক্ষ কৰা বুলি আৰক্ষীয়ে জানিব পাৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুদিন আগত ধেনা আৰু অৰ্জুনৰ মাজত এক মাৰপিটৰ ঘটনা সংঘটিত হৈছিল বুলি ধৃত অৰ্জুনে স্বীকাৰোক্তি দিছে।

উক্ত কথাৰ ওপৰত ভিত্তি কৰি উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত অৰ্জুন হাচদা নামৰ লোকজনক আৰক্ষীয়ে আটক কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ লৈ আনে। সম্প্ৰতি অৰ্জুনক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰু ধেনাৰ মৃতদেহটো আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে। মৃত্যুৰ সময়ত ধেনাই পত্নীসহ দুগৰাকী কন্যা সন্তান ইহ সংসাৰত এৰি থৈ যায়। ধেনাৰ মৃত্যুয়ে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।