আছে ২০০ৰো অধিক পানী যোগান আঁচনি কিন্তু খাবলগীয়া হৈছে নদী-নিজৰা-পুখুৰীৰ পানী

IMG-20180703-WA0099

ৰাজ্যত উন্নয়নৰ শ্লোগান দিয়া বৰ্তমানৰ বিজেপি নেতৃত্বধীন চৰকাৰখনেই হওক বা পূৰ্বৰ চৰকাৰসমূহে হওক গ্ৰামাঞ্চল ৰাইজ তথা দৰিদ্ৰ লোকৰ কল্যানাৰ্থে বহু অভিলাষী আঁচনি গ্ৰহণ কৰি আহিছে কিন্তু প্ৰকৃতাৰ্থত সেয়া প্ৰহসনত পৰিণত হোৱা দেখা গৈছে। সেয়া প্ৰমাণিত কৰিছে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ মহকুমাৰ কাউলি অঞ্চলত স্থাপন কৰা বিকল হৈ থকা পানী যোগান আঁচনি সমূহে।

ৰাজ্যখনৰ উত্তৰাঞ্চলৰ  ভাৰত ভূটান সীমান্তৱৰ্তী বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাউলিৰ লগতে কেইবাটাও অঞ্চলত  দীৰ্ঘদিনে বিকল হৈ থকা খোৱাপানী যোগান আঁচনি সমূহ পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ বিজেপি চৰকাৰ আৰু চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটো আগ্ৰহী হব’নে নাই তাক লৈ সম্প্ৰতি উদ্বিগ্ন হৈ পৰিছে ভুক্তভোগী গ্ৰামঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ।

জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অদূৰদৰ্শিতা, দায়বদ্ধহীনতাৰ লগতে সংশ্লিষ্ট বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ চৰম হেমাহিৰ হেতু তামুলপুৰ মহকুমাৰ প্ৰায় ২০০ টা আঁচনিৰ অধিকাংশই গ্ৰামঞ্চলৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি বিকল হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে।

ইয়াৰ উপৰি কাউলি অঞ্চলৰ ৰাইজে অভিযোগ কৰা মতে কেইবছৰ মান পূৰ্বে কেইবা লাখ টকা  চৰকাৰী তথা ৰাজহুৱা ধন ব্যয় সাপেক্ষে কাউলি পানী যোগান আচঁনিখনৰ নিৰ্মাণৰ সম্পূৰ্ণ যাৱতীয় কাম-কাজ সম্পন্ন  হোৱাৰ পিছতো ৰাইজক খোৱাপানী যোগান ধৰাৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰী সকল সক্ষম হোৱা নাই। দুই এটা পানী যোগান আঁচনিত  বছৰৰ মূৰত কেৱল এদিন বা দুদিন পানী দিয়ে দায়িত্ব সামৰে বিভাগীয় লোকে।

ভাৰত-ভূটান সীমান্তৰ কাউলিৰ লগতে উত্তৰাঞ্চলত বিশুদ্ধ খোৱা পানীৰ তীব্ৰ সংকটত ভুগি থকা আৰু  পানী যোগান আঁচনিৰ  জৰিয়তে খোৱা পানী লাভৰ পৰা বঞ্চিত স্থানীয় ৰাইজ তথা যুৱক সকলে ৩ জুলাইত কাউলি পানী যোগান কেন্দ্ৰৰ সম্মুখত সমবেত হৈ অসম চৰকাৰ হায় হায়,  বিশুদ্ধ খোৱা পানী নিয়মীয়া কৰক,  বিকল পানী যোগান আঁচনি সমূহ কাৰ্যক্ষম কৰক, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে বৃহত্তৰ কাউলী অঞ্চলৰ নাৰায়্ণপুৰ, বিহঙ্গপুৰ, নাগাপুৰ, আদি অঞ্চলৰ ৰাইজৰ জ্বলন্ত সমস্যা হল বিশুদ্ধ খোৱাপানীৰ সমস্যা।  উলেখ্য যে ভূটান পাহাৰৰ পাদদেশৰ অঞ্চলটো  শিলাভূমি হোৱা বাবে কুঁৱা, দমকল আদি বহুৱাবলৈ অক্ষম।  বুজনসংখ্যক লোক একবিংশ শতিকাৰ পিছতো পাহাৰীয়া নদী, নিজৰা, পুখুৰী আদিৰ অপৰিশোধিত ৰূপত পানী ব্যৱহাৰ কৰি বিভিন্ন ৰোগত ভোগা পৰিলক্ষিত হৈছে।

বিগত বহু দিন ধৰি পৰিত্যক্ত তথা বিকল আচঁনিসমূহ স্থানীয় ৰাইজে পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰ তথা বিভাগীয় বিষয়া-কৰ্মচাৰী সকলে সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপিত হৈছে। অনতি পলমে বিকল পানী যোগান আঁচনি সমূহ কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।