বাক্সা জিলাৰ কুমাৰীকাটাত ফুটবল প্ৰশিক্ষণ শিবিৰ উদ্বোধন

122

বাক্সা জিলাৰ কুমাৰীকাটাত এটা ফুটবল প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰি শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ দীপক ডেকাই কয়, ‘‘খেল পথাৰ মাজেৰে আমাৰ শাৰীৰিক আৰু মানসিক শক্তিক প্ৰকাশ কৰাৰ লগতে যুৱ-সমাজৰ মাজত বিভিন্ন গোষ্ঠীৰ সংস্কৃতি বিনিময়ৰ মাজেৰে খিলঞ্জীয়া সকলৰ সাংস্কৃতিক ভাৱ বিনিময় সম্ভৱ কৰি তুলিব পাৰোঁ।

তেওঁ আৰু কয়, ‘‘খেল পথাৰত বিভিন্ন প্ৰকাৰৰ শাৰীৰিক অনুশীলনৰ জৰিয়তে আমি আমাৰ শাৰীৰিক মানসিক সন্তুলন বজাই ৰাখি নতুন প্ৰজন্মটোক সঠিক পথত ৰাখিব পাৰোঁ।‘’

প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰে নিকোদিন মুৰ্মুৱে। এই প্ৰশিক্ষণ শিবিৰটো  শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, গোৰ্খা উন্নয়ন পৰিষদ, আদিবাসী উন্নয়ন পৰিষদ, নাথ যোগী উন্নয়ন পৰিষদ, মদাহী উন্নয়ন পৰিষদ আৰু হাজং উন্নয়ন পৰিষদে যৌথভাৱে আয়োজন কৰে। এই শিবিৰটো অনুষ্ঠিত কৰিছিল সংগঠনসমূহৰ উন্নয়ন উদ্যোগ আৰু সচেতনতা জাগৰণ, গুৱাহাটীয়ে।

সভাত দীপক ডেকাই  আঙুলিয়াই দিয়ে যে অসমৰ কেইটামান খিলঞ্জীয়া সম্প্ৰদায়ৰ কিছু সংখ্যক ব্যক্তিয়ে বিপ্লৱৰ নামত অযথা সময় নষ্ট কৰি আছে। গতিকে বিপ্লৱ সংস্কৃতিৰ পৰা দূৰত থাকি মানসিক আৰু শাৰীৰিক উৎকৰ্ষতা সাধন কৰাত মনোযোগী হ’বলৈ তেওঁ সকলোকে আহ্বান জনায়।

দীপক ডেকাই ৰাজ্যখনত ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সাধন কৰিবলৈ গ্ৰহণ কৰা উদ্যোগৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূয়সী প্ৰশংসা কৰে।২১ দিনীয়া ফুটবল প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপৰোক্ত উন্নয়ন পৰিষদৰ কাৰ্যবাহীসকল উপস্থিত থাকে।

উল্লেখ্য যে এই অনুষ্ঠানত বিটিচি দৰংজুলিৰ এমচিএলএগৰাকীও উপস্থিত আছিল।

ফুটবল প্ৰশিক্ষণ শিবিৰটোৰ সামৰণই পৰিব অহা ২ আগষ্টত। এই শিবিৰত অসমৰ বিভিন্ন জিলাৰ পৰা খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ প্ৰায় ৩০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব গুজৰাটৰ গুলজাৰীলাল পাঠক আৰু বহু কেইগৰাকী ফুটবল বিশেষজ্ঞই।