বাক্সা জিলাৰ নাগ্রীজুলিৰ শুক্লাই চেৰফাঙত পথৰ আধাৰশিলা স্থাপন কৰিলে গণেশ কছাৰীয়ে

Foundation stone for new road at Baksa

‘বি টি চিত বসবাস কৰা সৰ্বসাধাৰণ ৰাইজৰ উন্নয়নৰ বাবে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি টি চি প্ৰশাসনে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰাৰ ফলতেই আজি সমগ্ৰ বি টি চিৰ সৰ্বাংগীন উন্নয়ন ঘটিছে আৰু তাৰ ফল জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বি টি চিত বাস কৰা সকলো শ্ৰেণীৰ ৰাইজে উপভোগ কৰিবলৈ পাইছে।’ এই ভাষ্য বি টি চিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ।

আজি বাক্সা জিলাৰ নাগ্রীজুলিৰ সমীপৰ শুক্লাই চেৰফাং বি টি চি পৰিষদীয় সমষ্টিৰ লাউপাৰা-বৰিমাখা গাঁও সংযোগী পথৰ আধাৰশিলা স্থাপন কৰা কৰি তেওঁ এইদৰে কয়।

পাঁচ শতাধিক লোকৰ উপস্থিতিত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰিব লগীয়া পথচোৱাৰ আধাৰশিলা স্থাপন কৰি গণেশ কছাৰীয়ে কয় যে বি টি চি গঠন হোৱাৰ পিছত বি পি এফ শাসনাধিস্থ হাগ্ৰামা মহিলাৰী প্ৰশাসনৰ উন্নয়নমুখী চিন্তাৰ বাবেই আজি অঞ্চলটোৰ উন্নয়ন সম্ভৱ হৈ উঠিছে।

কাৰ্যবাহী সদস্য গৰাকীয়ে বি টি চিৰ উন্নয়নৰ লগতে শুক্লাই চেৰফাং সমষ্টিৰ উন্নয়নৰো বিতং খতিয়ান দাঙি ধৰি অনাগত দিনত বি টি চিৰ উন্নয়ন আৰু অধিক গতিশীল কৰিবলৈ হলে বি পি এফ দলৰ স্থিতি মজবুত কৰি আঞ্চলিক দলটোৰ সৈতে কাম কৰি যাবলৈ ৰাইজক আহ্বান জনায়।

আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত স্থানীয় ৰাইজৰ উপৰি যুৱ বি পি এফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা সমিতিৰ সভাপতি কেশৱ ৰাজবংশী, সাধাৰণ সম্পাদক উপেন বসুমতাৰী, শুক্লাই চেৰফাংৰ টি চি এল চি চিৰ অধ্যক্ষ ৰুদ্ৰ প্ৰসাদ চুবেদী প্ৰমুখ্যে ভালেমান বিশিষ্ট লোক উপস্থিত থাকে।

অনুষ্ঠানত কাৰ্যবাহী সসদস্য গৰাকীয়ে তামুলপুৰ মহকুমাত গ্ৰহণ কৰিবলগীয়া কেইবাখনো অভিলাষী আঁচনিৰ কথা ঘোষণা কৰে।