বাজেট অধিৱেশনৰ পূৰ্বে  পেমা খাণ্ডুৱে বৈঠকত বহি পৰামৰ্শ ল’লে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ

Pema Khandu: Chief Minister Of Arunachal Pradesh

আগন্তুক বাজেট অধিৱেশনৰ আগে আগে আজি অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী  পেমা খাণ্ডুৱে আজি বিভিন্ন জনগোষ্ঠীয় সংগঠনবোৰৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহি তেওঁলোকৰ পৰা দিহা-পৰামৰ্শ লোৱাৰ লগতে তেওঁলোকৰ নিজৰ নিজৰ সমস্যা সম্পৰ্কে বুজ লয়। বৈঠকত মুখ্য মন্ত্ৰীজনৰ লগতে বিত্ত মন্ত্ৰী চাওনা মেইনো উপস্থিত আছিল।

বৈঠকত জনগোষ্ঠীয় সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ অৰুণাচল ইণ্ডিজেনিয়াছ ট্ৰাইবছ ফেডাৰেইশ্যনে (AITF) আটাইবোৰ সম্প্ৰদায়ৰে উমৈহতীয়া প্ৰস্তাব তথা পৰামৰ্শবোৰৰ তালিকা প্ৰদান কৰাৰ বিপৰীতে সংগঠনবোৰৰ নিজা ববীয়া প্ৰস্তাব-পৰামৰ্শবোৰ সুকীয়া সুকীয়াকৈ দিয়া হয়।

সকলো জনগোষ্ঠীয় সংগঠনেই সহমত প্ৰকাশ কৰি কয় যে শেহতীয়াকৈ ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে। ৰাজ্যখনত নিৰাপত্তাৰ দিশটোত জোৰ দিব লাগে, বিশেষকৈ শিশু আৰু মহিলাৰ সুৰক্ষাই উপযুক্ত গুৰুত্ব পাব লাগে বুলি সকলোৱে সহমত দিয়ে। লগতে তেওঁলোকৰ বেছিভাগেই বিশেষকৈ ধৰ্ষণত অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ আহ্বান জনাইছে। তাৰ বাবে প্ৰয়োজনীয় উপযুক্ত মানৱ শক্তি, বুনিয়াদী সা-সুবিধাৰ ব্যৱস্থা কৰা দৰকাৰ।

শিক্ষা-দীক্ষাত সৰ্বাধিক গুৰুত্ব দিয়া, ৰাস্তা-পদূলিৰ অৱস্থা ভাল কৰা, স্বাস্থ্যখণ্ডৰ বিকাশ কৰা, ৰাজ্যিক লোকসেৱা আয়োগৰ মাজেৰে শিক্ষক নিযুক্তি দিয়া ইত্যাদি বিষয়বোৰতো এই সংগঠনবোৰ সহমতত উপনীত হয়।

আনহাতে পূবৰ জিলাকেইখনৰ পৰা প্ৰতিনিধিত্ব কৰা সংগঠনবোৰে তেওঁলোকৰ অঞ্চলত গা কৰি উঠা ড্ৰাগছৰ বেহা আৰু কানিৰ খেতিক এটা মূল সমস্যা হিচাপে দাঙি ধৰে। তেওঁলোকে এই অঞ্চলবোৰৰ যুৱচামক কামত নিয়োগ কৰিব পৰাকৈ বাজেটত ধনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

সংগঠনবোৰৰ আন এটা পৰামৰ্শ হ’ল বিভিন্ন সম্প্ৰদায়ৰ মাজত আৰু লগতে চুবুৰীয়া ৰাজ্য, বিশেষকৈ অসমৰ সৈতে সম্প্ৰীতিৰ বান্ধোন দৃঢ় কৰিবলৈ সাংস্কৃতিক বিনিময়ৰ কাৰ্য্যসূচী।

আনহাতে থলুৱা সংস্কৃতি আৰু ভাষাবোৰৰ বিকাশৰ বাবেও প্ৰায়বোৰ সংগঠনে পৰামৰ্শ আগ বঢ়ায়। ৰাজ্যখনৰ কেইটামান প্ৰধান জনগোষ্ঠীয়ে তেওঁলোকৰ ভাষাৰ বাবে লিপিৰ বিকাশ কৰা বুলি আৰু এইবোৰক স্থানীয় বিদ্যালয়বোৰত তৃতীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ মুখ্য মন্ত্ৰীৰ আগত প্ৰস্তাৱ দাঙি ধৰা হয়। বাজেটত স্থানীয় ভাষাৰ শিক্ষক নিযুক্তি তথা পাঠ্যপুথি ছপাৰ বাবে ধন ধাৰ্য্য কৰিবলৈও পৰামৰ্শ আগ বঢ়োৱা হয়।

প্ৰায়বোৰ সংগঠনতেই অৰুণাচলৰ ঘাইপথলৈ সংযোগী পথৰ দুৰৱস্থাৰ কথা উল্লেখ কৰে। ৰাজ্যিক পথ, গাৱঁৰ পথৰ উন্নয়নৰ প্ৰয়োজনীয়তাও উল্লেখ কৰা হয়। লগতে ভগা বিদ্যালয় গৃহ, স্বাস্থ্যকেন্দ্ৰ, কাৰ্য্যলয় আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনিৰ নিৰ্মাণৰ বাবে ধন ধাৰ্য্য কৰাৰ পৰামৰ্শ দিয়ে।

আনহাতে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে এই দিহা-পৰামৰ্শবোৰক গুৰুত্বসহকাৰে লোৱা বুলি জানিবলৈ দিয়ে। তেওঁ এইবোৰৰ প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰিব বুলি কয়। তেওঁ সংগঠনবোৰকো নিজৰ নিজৰ ঠাইত আৰু মানুহৰ মাজত চৰকাৰৰ কাৰ্য্যসূচীবোৰৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ পৰামৰ্শ দিয়ে।

তেওঁ বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিত্বমূলক সংগঠনবোৰক চৰকাৰৰ পৰিকল্পনাৰ অংশীদাৰ কৰিবলৈ কষ্ট কৰি থকা বুলি কৈ সহযোগিতা বিচাৰে। আনহাতে উমৈহতীয়া মঞ্চখনক ইতিমধ্যে বিকাশ কৰা ভাষাৰ লিপিবোৰ চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ আহ্বান জনায়।