NORTHEAST NOW (Assamese)

বানপানীৰ কবলত ত্ৰিপুৰাৰ ১৭খন জিলা, দুৰ্গতৰ বাবে ১৮০টা আশ্ৰয় শিবিৰ স্থাপন

June 19, 2018 6:18 pm · পান্না ঘোষ
কৈলাচহৰৰ এটা আশ্ৰয় শিবিৰৰ দৃশ্য : ফটো পান্না ঘোষ

কৈলাচহৰ চহৰত জলস্তৰ কমি আহিছে যদিও খাওৰাবিল, লিটিয়াপুৰা আৰু দেবীপুৰ আদি গাঁও এতিয়াও বানপানীৰ কবলত আছে। অকল ত্ৰিপুৰাৰ বানাক্ৰান্ত এলেকাৰ পৰাই এই পৰ্যন্ত ২৬,০০০ লোকক উদ্ধাৰ কৰা হৈছে।

বিজুলী আৰু পানী যোগান ব্যাহত হৈ পৰাৰ ফলত ভালেমান বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয় বন্ধ কৰি দিবল’গীয়া হৈছে। বিভিন্ন নদী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বাবে বিভিন্ন স্থানৰ মথাউৰি ভাঙি পৰিছে।

আনহাতে কিছুসংখ্যক লোক নিজৰ ঘৰলৈ উভতি গৈছে যদিও ভালেমান লোক এতিয়াও আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। আৰ্ট অব লিভিং, এথলেটিক কেম্পছ আদি বেচৰকাৰী সংস্থাসমূহৰ স্বেচ্ছাসেবকসকলে খাদ্য সামগ্ৰী, মিনাৰেল ৱাটাৰৰ বটল, কাপোৰ আৰু আন আন প্ৰয়োজনীয় সামগ্ৰী বানাক্ৰান্তসকলৰ মাজত বিতৰণ কৰিছে।

বৰষুণৰ পানীৰে উপচি পৰা খোৱাই নদীৰ পানীয়ে নতুন নতুন এলেকা বুৰাই পেলোৱাৰ ফলত ত্ৰিপুৰাৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে। বিগত কেইদিনমানত বানপানীত প্ৰায় ২৬,০০০ মানুহ ক্ষতিগ্ৰস্ত হৈছে। বানপানীত বাজ্যখনৰ ৮খন জিলাৰ ৭খন জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ আটাইতকৈ ক্ষতিগ্ৰস্ত জিলাখন হৈছে উনাকোটি জিলা।

চৰকাৰী সূত্ৰত প্ৰকাশ যে ৬,০৫৪টা পৰিয়ালক আশ্ৰয় দিয়াৰ বাবে ইতিমধ্যে ১৮০টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে।

Related News