বানপানীৰ বাবে সাজু কাজিৰঙা : ৰাষ্ট্ৰীয় পথত বেৰিকেড আৰু ইলেক্ট্ৰনিক টাইম কাৰ্ডৰ ব্যৱস্থা

N K Basu

সমাগত বানপানীৰ বাবে সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। আজি বোকাখাতত থকা কাজিৰঙা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে প্ৰধান মুখ্য বন সংৰক্ষক নিৰঞ্জন কুমাৰ বাসুয়ে ৷

অহা ২৪ ঘন্টাত কাজিৰঙাত ব্ৰহ্মপুত্ৰৰ পানী সোমাব পাৰে বুলি তেওঁ শংকা প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱালৈ চায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে।

ইয়াৰ উপৰি ৪ জুলাইৰ পৰা কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথাংশত যানবাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে বন বিভাগৰ বেৰিকেড স্থাপন কৰি প্ৰথমবাৰৰ বাবে পৰীক্ষামুলকভাৱে ইলেক্টনিক টাইম কাৰ্ডৰ ব্যৱহাৰ কৰা হ’ব বুলিও তেওঁ লগতে জনায়।

বোকাখাতৰ বৰজুৰিৰ পৰা কলিয়াবৰৰ আমগুৰিলৈকে প্ৰসাৰিত ৰাষ্ট্ৰীয় পথাংশত মুঠ ২৮টা বেৰিকেড আৰু গতিৰোধক স্থাপন কৰাৰ লগতে বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে বনকৰ্মী নিয়োগ কৰা হ’ব।

বানপানীৰ সময়ত বন্যপ্ৰানীৰ দক্ষিণা প্ৰবজনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ এনিমেল কৰিডৰ বোৰত বিশেষকৈ পানবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বন্যপ্ৰানী পাৰ হ’ব পৰাকৈ পকী পথত কাৰ্পেট পৰাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি তেওঁ লগতে বানপানীত উদ্ধাৰ হোৱা আহত জীৱজন্তুৰ তাৎক্ষনিক চিকিৎসাৰ বাবে পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ লগতে পশু চিকিৎসকৰ দলকো সাজু কৰা হৈছে বুলি জানিবলৈ দিয়ে৷

আনহাতে বানপানীৰ সময়ত আশ্ৰয় বিচাৰি ওলায় অহা বহু পহু কুকুৰৰ আক্ৰমনত আহত আৰু নিহত হ’বলগীয়া হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এই সময়চোৱাত কাজিৰঙাৰ কাষৰীয় অঞ্চলৰ কুকুৰবোৰক নিয়ন্ত্ৰন কৰিবৰ বাবে জনসাধাৰণক সংবাদ মাধ্যমৰ যোগেদিয়েই আহ্বান জনায়।

আজিৰ সংবাদমেলত প্ৰধান মুখ্য বনসংৰক্ষক নিৰঞ্জন কুমাৰ বাসুৰ উপৰিও কাজিৰঙাৰ সঞ্চালক আকাশদ্বীপ বৰুৱা আৰু ডি এফ অ ৰোহিনী বল্লভ শইকীয়া উপস্থিত থাকে।