NORTHEAST NOW (Assamese)

বালিপৰাত গুলী ফুটুৱাই হাতী খেদিলে বন বিভাগে

December 10, 2017 3:48 pm · এন ই নাও নিউজ

যোৱা নিশা বালিপৰাৰ ওচৰত উজনিমুৱা গুৱাহাটী-নাহৰলগুন এক্সপ্ৰেছৰ খুন্দাত ছটাকৈ হাতীয়ে মৃত্যুবৰণ কৰা ঘটনাত প্ৰকৃতিপ্ৰেমী তথা স্থানীয় লোকৰ পৰা বন বিভাগে কঠোৰ সমালোচনাৰ সন্মুখীন হ’ব লগীয়া হোৱাত যেন বিভাগটোৰ চেতনা ঘূৰি আহিছে। আজি দিনৰ ভাগত বনবিভাগৰ লোকে বালিপৰাৰ আদাবাৰী চাহ বাগিচাৰ পৰা হাতী খেদিবলৈ তোপধ্বনি কৰা দেখা গ’ল। জানিব পৰা মতে আজি বনবিভাগে বালিপৰাৰ আশে-পাশে থকা বনৰীয়া হাতীক খেদিবলৈ ব্যৱস্থা কৰে। বনৰীয়া হাতী খেদিবলৈ তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰে। তাৰ মাজতে গুলী ফুটুৱাই বনৰীয়া হাতীৰ পালটোক ভয় খুৱাবলৈও চেষ্টা কৰা দেখা গ’ল। আনহাতে World Wildlife Fund ৰ এটা সূত্ৰই জনোৱামতে যোৱা কেইটামান বছৰৰ ভিতৰত শোণিতপুৰ অঞ্চলৰ অৰণ্যাঞ্চলৰ প্ৰায় ৭০ শতাংশ ধ্বংস কৰা হৈছে, যাৰ ফলত খাদ্যৰ নাটনিত ভোগা হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে। কেৱল মানুহৰ মাজত ত্ৰাস সৃষ্টি কৰাই নহয়, হাতীৰো মৃত্যুমুখত হৈছে, হাতী-মানুহৰ সংঘাত বা ৰে’লৰ খুন্দাৰ ফলত। সচেতন ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীয়ে বন বিভাগক অধিক দায়িত্বশীলভাৱে এই বিষয়টো ল’বলৈ আহ্বান জনাইছে।

Related News