বাৰ্চিলোনা আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলত উজলি উঠিল ৰীমা দাস: ‘টেলেণ্ট’ শাখাত শ্ৰেষ্ঠ ছবিৰ সন্মান ‘ভিলেজ ৰকষ্টাৰ্ছ’লৈ

village-rockstars-tiff-570x320

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটাৰ পাছত এটাকৈ সন্মানেৰে অসমৰ নাম উজলাই তুলিছে ৰীমা দাসে। স্বৰ্ণকমল সন্মান লাভ অসমৰ ৰীমা দাসৰ বিশ্বজুৰি প্ৰশংসিত চিনে’মা ‘ভিলেজ ৰকষ্টাৰ্ছ’ স্পেইনৰ বাৰ্চিলোনা আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলত ‘টেলেণ্ট’ শাখাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

শণিবাৰে বাৰ্চিলোনা ফিল্ম ফেষ্টিভেলত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিখনক এই বঁটাৰ বাবে বাছনি কৰা হয়।

এগৰাকী কিশোৰীৰ সংগীতৰ প্ৰতি থকা ধাউতি আৰু শেষত লক্ষ্যত উপনীত হোৱাৰ বাবে কৰা সংগ্ৰামক লৈ নিৰ্মাণ কৰা হৈছে ‘ভিলেজ ৰকষ্টাৰ্ছ’।

ৰীমা দাস

ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ এ ইতিমধ্যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্বৰ্ণ কমল লাভ কৰাৰ লগতে ছবিখনত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে ভনিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

মনকৰিবলগীয়া যে চিনে’মা নিৰ্মাণৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰা ৰীমা দাসে চিনে’মাখনৰ কাহিনীৰ পৰা আৰম্ভ কৰি কেমেৰা, সম্পাদনা, পৰিচালনাৰ লগতে প্ৰযোজনাও কৰিছে।