বিজেপিৰ ‘বিশ্বাসঘাটকতা’ক বিনা প্ৰত্যাহ্বানে এৰি নিদিয়াৰ হুংকাৰ নাগা হোহো আৰু অন্যান্য নাগা সংগঠনৰ

nagaland

প্ৰতিনিধিত্বমূলক ছবি

‘বিনা প্ৰত্যাহ্বানে এৰি দিয়া নহ’ব এই বিশ্বাসঘাটকতাক।’ নাগালেণ্ড নিৰ্বাচন বৰ্জনৰ ঘোষণাপত্ৰত স্বাক্ষৰ কৰি পিছত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰা বিজেপিক এই হুংকাৰ নাগা হোহো আৰু নাগৰিক সংগঠনসমূহ (Nagaland Tribal Hohos and Civil Organisations)ৰ মূল সমিতিৰ।

সমিতিৰ হৈ জাৰি কৰা এক প্ৰে’ছ বিবৃতিত আহ্বায়ক থেজা থেৰিয়া আৰু উপ আহ্বায়ক ডে’ৱিদ চাংতামে লগতে কয়, ‘যুটীয়া ঘোষণাপত্ৰত স্বাক্ষৰ কৰাৰ পিছত বিজেপিয়ে ঠগিব খুজিলে নহ’ব। আসন্ন নিৰ্বাচনৰ পূৰ্বেই নাগা সমস্যা সমাধানৰ বাবে উঠা দাবীক ধ্বংস কৰিবলৈ ই ষড়যন্ত্ৰ কৰিছে।’

বিজেপিয়ে ঘোষণাপত্ৰত ‘কৰ্তৃত্বহীনভাৱে’ চহী কৰা বাবে দলটোৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক পৰিষদৰ সদস্য খেত’ চেমাক বহিষ্কাৰ কৰিছিল।

নাগালেণ্ডৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি সমিতিয়ে দাবী কৰিছে যে, ‘ঐতিহাসিক ঘোষণাপত্ৰখনত বিজেপিৰ হৈ চহী কৰাৰ বাবে তেওঁক অইন নহয় দলটোৰ স্বয়ং ৰাজ্যিক সভাপতিজনে কৰ্তৃত্ব দিছিল।’

নিৰ্বাচন বৰ্জন বিজেপিৰ দলীয় সিদ্ধান্ত নহয় বুলি মত প্ৰকাশ কৰিছিল দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ আৰু কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী তথা নাগালেণ্ড নিৰ্বাচনত দলৰ দায়িত্ববাহী কিৰেন ৰিজিজুৱে।

বিজেপিয়ে ৭০ বছৰীয়া নাগা সমস্যাৰ সমাধান বিচাৰেনে নাই স্থিতি স্পষ্ট কৰিবলৈকো সমিতিয়ে দাবী জনাইছে।

বিজেপিৰ ৰাজ্যিক নেতাসকলক তেওঁলোক ‘প্ৰথমে নাগা নে?’ বুলি সুধি সমিতিয়ে লগতে জানিব খোজে তেওঁলোকে নাগা সমস্যাৰ সমাধানৰ প্ৰতি নে তেওঁলোকৰ হাই কমাণ্ডৰ প্ৰতি আনুগত্য স্বীকাৰ কৰিব খোজে।

ইফালে নিৰ্বাচন বৰ্জনক লৈ নাগা জাতীয় সংগঠনসমূহৰ মাজতো শেহতীয়াকৈ মতভেদ হোৱা বুলি বাতৰি আহিছে।