চি বি আই ক’ৰ্টৰ ন্যায়াধীশ বি এইচ লয়াৰ মৃত্যু সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অমিত শ্বাহক জড়িত কৰি দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত অৱেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা কাৰ্যক আদৰণি জনাইছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
এক প্ৰেছ বিবৃতিযোগে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ন্যায়াধীশ লয়াৰ মৃত্যু স্বাভাৱিক আছিল বুলি উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ জৰিয়তে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী সকলে বিজেপিৰ সভাপতি গৰাকীৰ বিৰুদ্ধে কৰা ৰাজনৈতিক অভিসন্ধি সত্য বুলি প্ৰমাণিত হ’ল।
লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে কোনো অচিনাকী ব্যক্তিৰ দ্বাৰা এই আবেদন দাখিল কৰা কথাই এই কথাকে প্ৰমাণিত কৰে যে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনৰ উদ্দেশ্যই আছিল বিজেপিৰ সভাপতি গৰাকীৰ মৰ্যাদা হানি কৰা আৰু জনমানসত তেওঁৰ ভাৱমূৰ্তি ম্লান কৰা।
তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাহুল গান্ধীয়ে এই কাৰ্যৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচৰা উচিত।
আনহাতে ন্যায়াধীশ লয়াৰ মৃত্যুৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ জৰিয়তে ভাৰতীয় ন্যায়িক ব্যৱস্থাটোৰ শক্তিশালী ৰূপ পুনৰ প্ৰতিফলিত হৈছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।