বিজেপিৰ হৈ জোৱাইত বৃ্হস্পতিবাৰে প্ৰচাৰ চলাব গায়ক লু মাজাৱে

বিজেপিৰ হৈ লু মাজাও

মেঘালয়ৰ ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে বিজেপিয়ে আশ্ৰয় লৈছে জনাজাত গায়ক, সপ্ততিপৰ লু মাজাওৰ। মাজাৱে ৮ ফেব্ৰুৱাৰিত জোৱাইত বিজেপিৰ হৈ ‘for change, for BJP’ শীৰ্ষক এক অনুষ্ঠানত ভাগ ল’ব।

বিজেপিয়ে ইয়াৰ টুইটাৰ হেণ্ডল BJP4Meghalayaত জোৱাইত কাইলৈ আবেলি ৪ বজাত হ’ব লগা অনুষ্ঠানটোত ভাগ ল’বৰ বাবে আহ্বান জনাইছে।

‘মেঘালয় বিধানসভা নিৰ্বাচন ২০১৮ৰ বাবে এয়া আমাৰ বিশেষ গান। অইন নহয় স্বয়ং লু মাজাৱে গোৱা এই গান্টো শুনক আৰু বেলেগকো শুনাওক। এই গানে পৰিৱৰ্তনৰ আহ্বান দিছে! কাইলৈ জোৱাইত স্থানীয় শিল্পীসকলৰ সৈতে লু মাজাওৰ এই গীতৰ জীৱন্ত পৰিৱেশনত ভাগ লওক।’

মাজাৱে বিজেপিৰ আঢ়ৈ মিনিটীয়া নিৰ্বাচনী ৱিডিঅ’টো কণ্ঠ দিছে। মাজাৱে গাইছে ‘It is time to raise a loud cheer…….. It is time for the waves of change to blow……The lotus flower will bloom for me..’

বিজেপিয়ে মাজাওৰ জনপ্ৰিয়তা ব্যৱহাৰ কৰি মেঘালয় নিৰ্বাচনী প্ৰচাৰত অধিক গতি পোৱাৰ আশা কৰিছে।