বিধানসভালৈ মহিলা বিধায়ক প্ৰেৰণত ব্যৰ্থ নাগালেণ্ডৰ ভোটাৰ

27-02-18-Dimapur-Assembly-election-casting-vote-15-570x320

নাগালেণ্ড নিৰ্বাচনত ডিমাপুৰত মহিলাসকলে ভোটদান কৰাৰ দৃশ্য : ফাইল ফটো

পাঁচগৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে এইবাৰ নাগালেণ্ড বিধান সভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে প্ৰৱেশৰ প্ৰচেষ্টা চলাইছিল যদিও শনিবাৰে ঘোষণা কৰা ফলাফলত কোনো এগৰাকী মহিলা প্ৰাৰ্থীয়েই কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ সক্ষম নহ’ল।

ৱেডি-উ নোনু,মাংগিয়াংপুলা, ৰাকিলা, ৰেখা ৰোজ ডুক্ৰু আৰু আৱান কনিয়াক-এই পাঁচ গৰাকী মহিলা প্ৰাৰ্থীয়ে নাগালেণ্ডৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বিধানসভাত প্ৰৱেশ কৰাত এগৰাকী প্ৰাৰ্থীও সক্ষম নহ’ল।

নাগালেণ্ডত ১৯৬৩ চনৰ পৰাই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে যদিও ৬০ জনীয়া এই বিধানসভাত আজিকোপতি কোনো মহিলা বিধায়ক নিৰ্বাচিত হ’ব পৰা নাই।

১৯৭৭ চনত ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিৰ টিকটত নিৰ্বাচনত বিজয়ী হৈ একমাত্ৰ মহিলা প্ৰাৰ্থী ৰানো এম শ্বাইজা লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

এনডিপিপিৰ টিকটত আৱই বিধানসভা সমষ্টিৰ পৰা নাগা পিপলছ ফ্ৰন্টৰ (এনপিএফ) ঈশ্বাক কনিয়াকৰ বিৰুদ্ধে নিৰ্বাচনত নমা মহিলা প্ৰাৰ্থী আৱান কনিয়াকে  ৫,১৩১টা লাভ কৰিছে।

টুৱেনছাং বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী ৰাকিলাই  প্ৰতিদ্বন্দ্বী এনপিএফৰ বিজয়ী প্ৰাৰ্থী কেজং চাঙে লাভ কৰা ৬২০৪টা ভোটৰ বিপৰীতে ২৭৪৯টা ভোট লাভ কৰি পৰাজিত হৈছে।

দুৰ্ভাগ্যজনক কথাটো হৈছে এনপিপিৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে ১,০০০ৰ ভোটৰ সীমা অতিক্ৰম কৰাত ব্যৰ্থ হয়।

ডিমাপুৰৰ তৃতীয় বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৱেডি-উ নোনু মাত্ৰ ৪৮৩টা আৰু নকছেন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আন গৰাকী এনপিপি প্ৰাৰ্থীয়ে মাথোঁ ৭২৪টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে।