NORTHEAST NOW (Assamese)

বিধানসভাৰ মজিয়াত মেঘালয়ৰ খাচী বিধায়কসকলে খাচী ভাষা ক’ব লাগেঃ কেএছইউ

December 19, 2017 9:56 am · এন ই নাও নিউজ
কেএছইউৰ কৰ্মীসকলে সোমবাৰে ছিলঙত প্ৰসিদ্ধ খাচী কবি ছছো থামৰ মৃত্যু বাৰ্ষিকী দিনটোতে খাচী বাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত মেঘালয় সচিবালয়ৰ বেনাৰ অঁৰা দেখা গৈছে। ফটোঃ ইউ বি

মেঘালয়ৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন খাচী ষ্টুডেন্টছ ইউনিয়ন(কেএছইউ) য়ে সোমবাৰে দাবী কৰে যে ৰাজ্যৰ খাচী বিধায়কসকলে তেওঁলোকৰ মাতৃভাষা খাচী ভাষাত কথা কোৱাৰ সময় আহি পৰিছে। এইটোৱে ভাষাটোক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ পথ মুকলি কৰিব।

কেএছইউৰ সভাপতি লাম্বোকষ্টাৰৱেল মাৰ্নগাৰে সোমবাৰে ছিলঙৰ বৰ্তমান ইউ ছছো থাম অডিটেৰিয়াম হিচাপে পৰিচিত পূৰ্বৰ ষ্টেট চেন্ট্ৰেল লাইব্ৰেৰীত খাচী কবি ছছো থামৰ ৭৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ভাষণত এই দাবী উত্থাপন কৰে। মাৰ্নগাৰে খাচী ভাষালৈ কবিগৰাকীয়ে আগবঢ়োৱা বৰঙণিৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।

‘’ আমি খাচী ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে খাচী লিখক সমাজৰ দাবীক সমৰ্থন কৰিম,’’- কেএছইউৰ সভাপতিগৰাকীয়ে কয়।

ছিলঙৰ কংগ্ৰেছ সাংসদ ভিনচেন্ট পালাই অলপতে জনাইছিল যে ইউপিএ চৰকাৰৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে তেওঁক পৰামৰ্শ দিছিল যে খাচী ভাষাই ইয়াৰ স্বীকৃতিৰ দিশত প্ৰথম পদক্ষেপ হিচাপে মেঘালয় বিধানসভাত খাচী ভাষা কোৱাৰ প্ৰচেষ্টা ল’ব লাগে।

হাইনিউট্ৰেপ যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ৰবাৰ্ট খাৰজাহৰিনে কয় যে খাচী সম্প্ৰদায়ে ছছো থামক অনুপ্ৰেৰণা হিচাপে গ্ৰহণ কৰি তেওঁলোকৰ ভাষাটোক ভাল পাবলৈ তথা সংৰক্ষণ কৰিবলৈ  চেষ্টা কৰিব লাগে। পিপুলছ্ ডেম’ক্ৰেটিক ফ্ৰন্টৰ সদস্যসকলেও ছছো থামলৈ শ্ৰদ্ধাঞ্জলি জনায়।

সোমবাৰৰ কবিগৰাকীৰ মৃত্যু বাৰ্ষিকীত সাহিত্য একাডেমীৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকি ছিলভানুছ লামাৰে কবিগৰাকীয়ে অংকন কৰি থৈ যোৱা ছবিৰ লগত বৰ্তমান আধুনিক সময়ৰ লগত থকা সম্পৰ্ক আৰু হেৰাই যাবলৈ ধৰা পৰম্পৰাগত মূল্যবোধৰ ওপৰত আলোকপাত কৰে।

‘’আমাৰ ভৌগলিক সীমা সংকুচিত হৈ আহিছে আৰু সীমা সমস্যা অমীমাংসিত হৈ ৰৈছে। আমাৰ ৰীতি-নীতি আৰু পৰম্পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু তাৰ কোনো প্ৰকৃত সুৰক্ষা ব্যৱস্থা হোৱা নাই,’’-লামাৰে এইদৰে নিজৰ চিন্তা ব্যক্ত কৰে।

Related News