বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰা বাবে যুৱতীক নিৰ্যাতন বিবাহিত পুৰুষৰ

ডিফুত এজন বিবাহিত পুৰুষৰ দ্বাৰা নিৰ্যাতিত হৈ এগৰাকী যুৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাতৰি পোৱা গৈছে। জানিব পৰামতে, যোৱা ৪ ফেব্ৰুৱাৰিৰ দিনা দেৱেন তেৰাং নামৰ বিবাহিত পুৰুষজনে যুৱতীগৰাকীক ডিফু ৰেইললাইনৰ দাঁতিত থকা তেওঁৰ ভাৰাঘৰত নিৰ্যাতন চলোৱাৰ উপৰি গাত জুই লগাই দিয়ে। পাছত দেৱেন তেৰাঙে যুৱতীগৰাকীক চিকিৎসালয়লৈ লৈ আনে। কথাটো গোপনে ৰাখিছিল যদিও যুৱতীগৰাকীৰ মাকে বেচৰকাৰী সংগঠন আৰু কাৰ্বি ছাত্ৰ সংন্থাক অৱগত কৰে। পিছত আৰক্ষীৰ ওচৰতো গোচৰ দিয়ে।

চিকিৎসালয় চৌহদত যুৱতীগৰাকীৰ মাকে আৰক্ষীক অৱগত কৰা মতে তেওঁৰ জীয়েকক বিবাহিত দেৱেন তেৰাঙে বহু দিনৰ পৰা বিবাহৰ প্ৰস্তাৱ দি হাৰাশাস্তি কৰি আহিছিল। কিন্তু যিহেতু দেৱেন বিবাহিত সেয়ে যুৱতীগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰি আহিছিল। পিছত যুৱতীগৰাকীয়ে দেৱেনৰ হাৰাশাস্তিৰ পৰা ৰক্ষা পাবলৈ ডিফুৰ ৰেইললাইনৰ কাষৰ এটা ঘৰত থাকিবলৈ লয়। কিন্তু দেৱেনে তাতো তেওঁক বিচাৰি উলিয়াই আৰু সঘনাই আহিবলৈ ধৰে। ৪ ফেব্ৰুৱাৰিৰ দিনা দেৱেনে যুৱতীগৰাকীক হাৰাশাস্তি কৰাৰ লগতে গাত জুই লগোৱাৰ চেষ্টা কৰে।

যুৱতীগৰাকীৰ মাকে জনোৱামতে দেৱেন যে বিবাহিত সেই কথা জনাবলৈ দেৱেনৰ পত্নীও তেওঁলোকৰ গাৱঁৰ ঘৰলৈ গৈছিল। আনহাতে দেৱেনে যুৱতীগৰাকীক চিকিৎসালয়লৈ অনাৰ পিছতো তেওঁলোক দুয়োজনেই চিকিৎসালয়লৈ আহি খবৰ লৈ আছিল। কিন্তু যোৱা কেইদিনমান দুয়ো অহা বন্ধ কৰে।

শেহতীয়াকৈ জানিব পৰামতে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিয়ন ৰংফাৰ আৰু কাৰ্বি কৃষক সংস্থাৰ সভাপতি চেমচিং হান্সে, সম্পাদক টিংকু ইংতি আৰু কাৰ্বি যুৱ বিকাশ সংস্থাৰ সভাপতি কিৰণ টকবিয়ে প্ৰশাসনক অতি সোনকালে অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ দাবী জনাইছ। সংগঠনকেইটাই কাৰ্বি পৰিষদক যুৱতীগৰাকী চিকিৎসাৰ দায়িত্ব ল’বলৈও দাবী জনায়।

যুৱতীগৰাকীৰ মাকে ডিফু আৰক্ষী থানাত এই সম্পৰ্কত এটা গোচৰ দিয়া বুলি জানিব পৰা গৈছে।