আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দেওবাৰে প্ৰকাশ কৰি উলিয়াই ২৮ পৃষ্ঠাযুক্ত তেওঁলোকৰ নিৰ্বাচনী ভিজন ডকুমেণ্ট। বিজেপিয়ে নিবনুৱা সংস্থাপন, স্নাতক পৰ্যায়লৈ ছোৱালীক বিনামূলীয়া শিক্ষাগ্ৰহণ, প্ৰত্যেক সমষ্টিতে একোখনকৈ মহাবিদ্যালয় স্থাপন আৰু নৱপ্ৰজন্মক বিনামূলীয়া স্মাৰ্টফোন প্ৰদান আদি বিভিন্ন লোভনীয় প্ৰতিশ্ৰুতিৰে এই ভিজন ডকুমেণ্ট প্ৰকাশ কৰি উলিয়াই।
‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উন্নয়নৰ প্ৰতিফলন ঘটে এই ঘোষণা পত্ৰত’ ঘোষণা পত্ৰ মুকলি কৰা সময়ত এইদৰে কয় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে।
ইয়াৰ উপৰি বিনামূলীয়া ঘৰ প্ৰদান কৰাৰ লগতে বিপিএল সকলৰ বাবে বিনামূলীয়া স্বাস্থ্য বীমা, সকলো লোককে খোৱা পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাও দেখা যায় ভিজন ডকুমেণ্ট খনৰ জৰিয়তে।
উল্লেখ্য যে বিজেপি শাসনলৈ আহিলে শ্ৰমিকসকলৰ বৰ্তমানৰ ১৭৭ টকাৰ হাজিৰাৰ বিপৰীতে ৩৪০ টকা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। আনহাতে দলটো শাসনলৈ অহাৰ এসপ্তাহৰ ভিতৰতে সপ্তম দৰমহা আয়োগ কাৰ্য্যকৰী কৰিব বুলি কালি প্ৰকাশিত ঘোষণা পত্ৰত স্পষ্ট উল্লেখ আছে।
উন্নয়নৰ ক্ষেত্ৰতো বিজেপিয়ে সংযোগ, গতিশীলতা, আন্তঃগাথনিৰ উন্নয়ন আৰু চহৰ সমূহত সকলো সা-সুবিধা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰা দেখা যায়।
নিষ্ক্ৰীয় হৈ থকা ৰাজহুৱাখণ্ডৰ উদ্যোগসমূহক পুনৰজ্জীৱিত কৰা আৰু নতুন উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো বিজেপিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি ঘোষণা পত্ৰত উল্লেখ কৰে। ইয়াৰ উপৰি ৰাজ্যখনত খালী হৈ থকা প্ৰায় ৫০ হেজাৰ চৰকাৰী চাকৰি অতি শীঘ্ৰে পূৰণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।
‘যদিহে বিজেপি নেতৃত্বাধীন এখন চৰকাৰ গঠন হয় তেন্তে কেন্দ্ৰৰ সহযোগত ৰাজ্যখনৰ উন্নয়ন ক্ষীপ্ৰতৰ কৰি তুলিব পাৰিম’, এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অৰুণ জেটলীয়ে।
জেটলীয়ে চিপিআই(এম)ৰ লগতে কংগ্ৰেছকো সমালোচনা কৰা দেখা যায়। কংগ্ৰেছৰ দুৰ্বল বিৰোধীতাৰ কাৰণে ত্ৰিপুৰাত উন্নয়ন সম্ভৱ নহ’ল। তেওঁ লগতে কয় যে উত্তৰ-পূবৰ একমাত্ৰ বিৰোধী কংগ্ৰেছে ৰাইজক বিশ্বাসঘাতকতা কৰিছে যাৰ ফলত ৰাইজে বিজেপিক আকোৱালি লৈছে।