‘হিয়া দিয়া নিয়া’ ছবি খনৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতখনক পুনৰায় উজ্জ্বীৱিত কৰি তোলা অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় পৰিচালক তথা চিত্ৰ নিৰ্মাতা তথা সকলো চলচ্চিত্ৰ প্ৰেমীৰে মৰমৰ মুনিন বৰুৱাৰ মৃত্যুৰ খবৰ পাই মৰ্মাহত হৈ পৰিছে জুবিন গাৰ্গ ।
মুনিন বৰুৱাৰ লগত বিভিন্ন ছবিত একেলগে কাম কৰা জুবিন গাৰ্গে তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে দুখত ভাগি পৰে। মুনীন বৰুৱা মোৰ পিতৃসম আছিল বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি শোকত ভাগি পৰে জুবিন।
ইফালে মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই কণ্ঠশিল্পীগৰাকীয়ে মাজুলীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে।
উল্লেখযোগ্য যে জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ আৰু মুনিন বৰুৱাৰ যুটীয়ে অসমীয়া চলচ্চিত্ৰ জগতখনক এটা সুকীয়া মাত্ৰা প্ৰদান কৰি থৈছে।
স্মৰ্তব্য যে জুবিন গাৰ্গৰ নতুন ছবি ‘কাঞ্চন জঙ্ঘা’ ৰ চিত্ৰগ্ৰহনৰ বাবে শুকুৰবাৰে সন্ধিয়া ভাগত মাজুলীলৈ আহিছিল কণ্ঠশিল্পীগৰাকী। তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীলৈ অহা জুবিন গাৰ্গে আজি পুৱাই এই দু খবৰ লাভ কৰি চিত্ৰগ্ৰহণৰ কাম আধাতে সামৰি মাজুলী কমলাবাৰী ফেৰী ঘাটেৰে গুৱাহাটীলৈ ৰাওনা হয়।
আনহাতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে বিশিষ্ট পৰিচালক মুনীন বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰি পুনৰ মাজুলীলৈ উভতি আহিব বুলি জানিব পৰা গৈছে।