বিশিষ্ট নাট্যকাৰ-পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ আকস্মিক বিয়োগ

SR-570x320

শুক্ৰাচাৰ্য ৰাভা

অসমৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ শুকুৰবাৰে নিশা আকস্মিকভাৱে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪১ বছৰ। নিজ গৃহতে হঠাৎ হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত হাস্পতালত মৃত্যুক আঁকোৱালি লয় অসমৰ নাট্যজগতৰ অতি পৰিচিত পৰিচালকগৰাকীয়ে।ৰাভাৰ বিয়োগত সাংস্কৃতিক জগতত শোকৰ ছাঁ বিয়পি পৰিছে।

১৯৭৭ চনৰ ১০ এপ্ৰিলত গোৱালপাৰাৰ ৰামপুৰ গাঁৱত জন্ম হৈছিল শুক্ৰাচাৰ্য ৰাভাৰ। এই ৰামপুৰ গাঁৱতে ৰাভাই প্ৰতিষ্ঠা কৰিছিল বাদুংডুপ্পা থিয়েটাৰ।তেওঁ নিজেই বাদুংডুপ্পা থিয়েটাৰ গোষ্ঠীৰ গুৰি ধৰিছিল। ৰাভাৰ গাঁওখনৰ দাঁতিতে অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল। তেওঁ গোৱালপাৰাৰ আগিয়াত শাল গছ থিয়েটাৰ মহোৎসৱৰ (Sal Tree theatre festival)ৰ আয়োজন কৰিছিল।

আন্তৰ্জাতিক খ্যাতিসম্পন্ন নাট্য পৰিচালক পদ্মশ্ৰী হেইচনাম কানহাইলালৰ অধীনত ২০০৪ চনৰ পৰা দুবছৰ শুক্ৰাচাৰ্য ৰাভাই কাম কৰিছিল। মণিপুৰ কলাক্ষেত্ৰত তেওঁ  এই মহান পৰিচালকগৰাকীৰ অধীনত প্ৰশিক্ষিত হৈছিল।  কানহাইলালৰ ‘Nature–Lore’ৰ আৰ্হিতে তেওঁ কলা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল।

শুক্ৰাচাৰ্য ৰাভাই বহু নাট ৰচনা আৰু পৰিচালনাৰে খ্যাতি অৰ্জন কৰিছিল। তেওঁ বিভিন্ন ভাষাৰ ১২খন নাট পৰিচালনা কৰিছিল। তেখেতৰ জনপ্ৰিয় নাটসমূহ টিখৰ, চাংকৈ, ৰূপালিম, হাতী আৰু ফন্দি, লভিতা, মাইদা মুছি আৰু দাঙাই। এইবাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ‘ইশু’ৰ লগত ৰাভা বিশেষভাৱে জড়িত আছিল।

নেডাৰলেণ্ডৰ নাট্যগোষ্ঠীৰেও নাট মঞ্চস্থ কৰিছিল ৰাভাই। নাট কৰ্মশালা আৰু শিশু নাট সমাৰোহৰেও ৰাভা জড়িত আছিল। ২০০৯ চনত তেওঁ জিনিছিল সংগীত নাটক একাডেমী যুৱ বঁটা।

বিশিষ্ট নাট্যকাৰ শুক্রাচাৰ্য ৰাভাৰ আকস্মিক দেহাৱসান অসমৰ নাট্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি। ৰাজ্যখনৰ সাংস্কৃতিক জগতৰ লগত জড়িত বিভিন্নজনে ৰাভাৰ এই আকস্মিক বিয়োগত মৰ্মাহত হৈ পৰিছে।