• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন

ৰমিনুল ইচলাম by ৰমিনুল ইচলাম
December 10, 2017 6:23 pm
বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন

গুৱাহাটীত আজি ময়ূৰ বৰাৰ এখন গন্থ অসমীয়া স্বাভিমানৰ ৰূপৰেখা উন্মোচন কৰা হয়। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ  চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ আজি গুৱাহাটীৰ কনকলতা বৰুৱা প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট লেখক, চিন্তাবিদ ড০ অমৰজ্যোতি চৌধুৰী, বিশিষ্ট লেখক, সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অৰূপ বৰবৰা আৰু দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল বৰুৱা। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত ড০ অমৰজ্যোতি চৌধুৰীয়ে ময়ূৰ বৰাৰ গ্ৰন্থখনৰ প্ৰশংসা কৰি কয় যে সকলো দিশৰ পৰাই জাতিটো শক্তিশালী হ’লেহে অসমীয়াৰ স্বাভিমান ৰক্ষা পৰিব। লগতে তেওঁ কয় যে যুৱ প্ৰজন্মই অসমৰ স্বাভিমান ৰক্ষাত আগভাগ ল’ব লাগিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰাগ নিউজৰ মুখ্য সম্পাদক  অজিত কুমাৰ ভূঞাই ময়ূৰ বৰাৰ লেখাক উচ্চ প্ৰশংসা কৰি তেওঁৰ লেখাই অসমীয়া সমাজ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে বুলি কয়। লগতে তেওঁ চৰকাৰী পক্ষই অসমীয়াৰ স্বাভিমানত যে আঘাত হানিছে তাকো উল্লেখ কৰে।

নিজৰ বক্তব্যত নিতুমনি শইকীয়াই বৰ্তমান সময়ত অসমত বৌদ্ধিক ভণ্ডামিৰ কথা দোহাৰি অসমৰ স্বাভিমান ৰক্ষাত লেখকসকল দায়বদ্ধ হ’ব লাগিব বুলি কয়।

আন এজন অতিথি, অধিবক্তা অৰূপ বৰবৰাই নিজৰ বক্তব্যত ময়ূৰ বৰাক অসমীয়া সাহিত্যত দিয়া অৱদানৰ বাবে ধন্যবাদ প্ৰদান কৰে।

আনহাতে গ্ৰন্থখনৰ লেখক ময়ূৰ বৰবৰাই  অসম চুক্তিক অসমৰ স্বাভিমান বুলি উল্লেখ  কৰাৰ লগতে মুচলমান আৰু শিখ সকলৰ অৱদানৰ বিষয়ে গ্ৰন্থখনত  সন্নিৱিষ্ট কৰা বুলিও কয়। লগতে ১৯৭১ চনৰ আগত অহা সকলো জাতি-জনগোষ্ঠীৰ লোকসকলে আগ-ভাগ লৈ অসমৰ স্বাভিমান ৰক্ষা কৰিব লাগিব বুলি উল্লেখ কৰিছে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে যুৱ কবি হিচাপে সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত কবি মৃদুল হালৈয়ে। আনহাতে অনুষ্ঠানটোত সাংবাদিক মৃণাল তালুকদাৰ, দয়ানন্দ পাঠক, মনোৰম মহন্তকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ৰমিনুল ইচলাম

ৰমিনুল ইচলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm
ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

August 25, 2025 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm
ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd