বিশ্বনাথলৈ যাব ৰাজ্যপাল জগদীশ মুখী

অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী ৰাজ্যৰ বিভিন্ন অনুষ্ঠানত অংশ লোৱাৰ সময়তে ২০ডিচেম্বৰত বিশ্বনাথ চাৰিআলিত ‘স্বচ্চ ভাৰত অভিযান’ মূলক এক অনুষ্ঠানত উপস্থিত থাকিব।  এই ভ্ৰমণ কাৰ্যসূচীৰ সময়ত ৰাজ্যপাল গৰাকীয়ে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়া, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সংগঠনৰ নেতা তথা সাংবাদিক বন্ধু সকলৰ লগতো আলোচনাত মিলিত হ’ব।

বিশ্বনাথ চাৰিআলিৰ জিলা প্ৰশাসণে ইতিমধ্যে ৰাজ্যপালৰ ভ্ৰমণৰ পূৰ্বে সকলো যাৱতীয় সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰি তুলিছে। শণিবাৰে বিশ্বনাথৰ জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই বিশ্বনাথৰ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াৰ লগতে বহুতো সামাজিক সংগঠনৰ লগত এক আলোচনাত মিলিত হয়। ঐতিহাসিক বিশ্বনাথ ভ্ৰমণ কৰিবলগীয়া ৰাজ্যপাল মুখীৰ কাৰ্যসূচীৰ সময়ত ল’বলগীয়া নিৰাপত্তা তথা অন্যান্য দিশ সম্পৰ্কে বৈঠকখনত আলোচনা কৰে।