বোকাখাতত অগপৰ কৰ্মী সভা : দুই শতাধিকৰ অগপত যোগদান

অসম গণ পৰিষদৰ বোকাখাত জিলা সমিতিৰ উদ্যোগত আজি বোকাখাতৰ টেচক’ নামৰ হোটেলখনৰ প্ৰাংগণত এক দলীয় কৰ্মী সভা অনুষ্ঠিত হয় ৷

জিলা সভাপতি জগত কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত উদ্দেশ্য বাখ্যা কৰে জিলা সম্পাদক উৎপল বৰদলৈয়ে ৷ অসম গণ পৰিষদ দলৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই সভাত উপস্থিত থাকি দলৰ স্বাৰ্থত দলৰ সাংগঠনিক দিশত মনোনিবেশ কৰিবৰ বাবে আহ্বান জনায় ৷

লগতে অসমবাসীৰ স্বাৰ্থৰ পৰিপন্থী নাগৰিকত্ব সংশোধনী বিধেয়কখন অসম গণ পৰিষদ দলে কোনো কাৰণতে মানি নলয় বুলি মন্তব্য কৰে ৷ আজিৰ এই দলীয় কৰ্মী সভাত বোকাখাত সমষ্টিৰ প্ৰায় দুই শতাধিক যুৱকে অসম গণ পৰিষদ দলত যোগদান কৰে ৷ আনহাতে এই সভাতে অসম যুৱ পৰিষদৰ বোকাখাত জিলা সমিতিখন সম্প্ৰসাৰণ কৰি গঠন কৰা হয় ৷