বোকাখাতত দুটা পৃথক পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু, আহত সাতজন

Road accident at Bokakhat

আজি বোকাখাতত সংঘটিত  দুটা পৃথক পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হোৱাৰ উপৰিও চাৰিজন লোক গুৰুতৰভাৱে আহত হয়৷

বোকাখাত নগৰৰ মাজত সংঘটিত হোৱা মটৰ চাইকেল আৰু মেজিকৰ মুখামুখি সংঘৰ্ষত মটৰচাইকেল আৰোহী নীলোৎপল কলিতা আৰু অঙ্কুৰ দাস নামৰ যুৱক দুজন ঘটনাস্থলীতে নিহত হয় ৷

লগতে মেজিকৰ চাৰিজন যাত্ৰী ক্ৰমে প্ৰদীপ ঘোষ, নয়নতৰা কামান, বাবু দাস আৰু প্ৰতিমা ৰবিদাস গুৰুতৰভাৱে আহত হয় ৷

ইফালে বোকাখাতৰ কুৰুৱাবাহীৰ মধুপুৰত সংঘটিত আন এক পথ দুৰ্ঘটনাত তিনিজন ছাত্ৰ গুৰুতৰভাৱে আহত হয় ৷

আহত ছাত্ৰ কেইজন ৰজাবাৰীৰ ভকত চাপৰিৰ বৈষ্ণৱ প্ৰাণ বৰি, ৱাচিম লইং আৰু ৰতন দলে বুলি জানিব পৰা গৈছে ৷

কেউজনকে বোকাখাতৰ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যলয়লৈ প্ৰেৰণ কৰা হয়।