বোকাখাতৰ যোগনীয়া আটি গাঁৱত আজি ১৯ জুনৰ আবেলি পানীত পৰি নিৰুদ্দেশ হৈছে শিৱা মুণ্ডা নামৰ এজন দশম শ্ৰেণীৰ ছাত্ৰ৷
ৰাজ্যিক দুৰ্য্যোগ সাহায্য বাহিনীৰ সহযোগত বোকাখাত আৰক্ষীয়ে যুৱকজনৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে৷
জানিব পৰা মতে যোগনীয়া আটি গাঁৱৰ ৰাঙলু সুঁতিত চাইকেল ৰখাই ভৰি ধুবলৈ যাওঁতেই পানীত পিচলি পৰে শিৱা মুণ্ডা৷
সন্ধ্যা নামি অহাৰ বাবে অভিযান চলোৱাত সমস্যাৰ সন্মুখীন হৈছে বুলি জনাইছে এছ ডি আৰ এফৰ অভিযানকাৰী দলে৷