বোকাখাতৰ ক্ৰমবৰ্ধমান পথ দুৰ্ঘটনা ৰোধৰ বাবে সাংবাদিকৰ সজাগতা সভা

WhatsApp

বোকাখাতত সংঘটিত হৈ থকা সঘন পথ দুৰ্ঘটনাত নৱ প্ৰজন্মৰ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাৰ হেতু  বোকাখাতত পথ দুৰ্ঘটনা ৰোধৰ বাবে সোমবাৰে ৰাজপথলৈ ওলায় আহে বোকাখাত মহকুমাৰ সমূহ সাংবাদিক ৷

বোকাখাত মহকুমা সাংবাদিক সন্থা,  বোকাখাত প্ৰেছ ক্লাব আৰু বোকাখাত ইলেক্ট্ৰ’নিকছ মিডিয়া জাৰ্নেলিষ্ট এছ’চিয়েশ্যনৰ বিশেষ উদ্যোগ তথা মহকুমা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত সোমাবাৰে বোকাখাত নগৰত এক বিশেষ সজাগতা অভিযান চলোৱা হয় ৷ অভিযান কালত সাংবাদিক সকলে পথেৰে যোৱা প্ৰতিগৰাকী  মটৰচাইকেল চালক আৰু গাড়ী চালকক পথ সুৰক্ষাৰ একোটাকৈ বেজ পিন্ধাই পথ সুৰক্ষাৰ নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনায় ৷

সাংবাদিক সকলৰ এই অভিযানত  মহকুমাধিপতি বিবেক শ্যাম, গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়, ৰাজহ চক্ৰ বিষয়া খনীন দাস, মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, আৰক্ষীৰ যান-বাহন শাখাৰ বিষয়া গোবিন কাকতিৰ লগতে বিভিন্ন দল-সংগঠনেও সহযোগ কৰে ৷

সাংবাদিক সকলৰ লগতে মহকুমাধিপতি আৰু আৰক্ষী অধীক্ষকেও মটৰচাইকেল ৰখাই হেলমেট পৰিধান কৰা, নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰা আৰু যান-বাহন আইন মানি চলাৰ বাবে যুৱক-যুৱতী সকলক আহ্বান জনায় ৷ আনহাতে পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি সাংবাদিক সকলৰ উদ্যোগত আয়োজিত এই অভিযানে বোকাখাত সজাগতাৰ সৃষ্টি কৰে ৷

উল্লেখযোগ্য যে বোকাখাত নগৰত বাইক ষ্টাণ্ট কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ১৫ জন যুৱকে আজিৰ এই অভিযানৰ প্ৰতি সঁহাৰি জনাই ভৱিষ্যতে নিয়ন্ত্ৰিত গতিত মটৰচাইকেল চলোৱাৰ বাবে ৰাজহুৱা শপত গ্ৰহণ কৰে ৷ যুৱক কেইজনৰ এই সিদ্ধান্তৰ বাবে মহকুমাধিপতি বিবেক শ্যামে তেওঁলোকক একোটাকৈ কলম প্ৰদান কৰি তেওঁলোকৰ সিদ্ধান্তক আদৰণি জনায় ৷

বোকাখাত নগৰৰ এই অভিযানৰ পাচত সাংবাদিক সকলে মহকুমা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত বিয়লি নুমলীগড় তিনিআলিতো এই সজাগতা অভিযান চলাই সকলোকে নিয়ন্ত্ৰন গতিত বাইক চলোৱা,  হেলমেট পৰিধান কৰাৰ উপৰি যান-বাহন আইন মানি চলিবৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি বোকাখাত আৰু নুমলীগড়ত সোমাবাৰে আৰম্ভ কৰা এই সজাগতা অভিযান পৰৱৰ্তী সময়ত কাজিৰঙাৰ লগতে মহকুমাটোৰ বিভিন্ন প্ৰান্তত চলোৱা হব বুলি জনায় সাংবাদিক সকলে ৷