কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উত্তৰ আৰু উত্তৰ পূব দিশৰ ব্ৰহ্মপুত্ৰৰ চাপৰিবোৰলৈ গঁড় ওলায় যোৱাটো গঁড়ৰ এক স্বভাৱজাত আচৰণ ৷ বিভিন্ন কাৰণত এই চাপৰিবোৰলৈ কাজিৰঙাৰ পৰা গঁড় ওলাই গৈ যেন সিহঁতৰ উপৰি পুৰুষৰহে সন্ধান কৰে।
চলিত বৰ্ষত কাজিৰঙাৰ পৰা অহা ১১ টা এনে গঁড়ে বিভিন্ন সময়ত এই চাপৰিবোৰত বিচৰণ কৰি পুনৰ কাজিৰঙালৈ উভতি গৈছে।
একেদৰে যোৱা ২৬ মে’ত কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ পৰা ওলায় যোৱা এটা গঁড়ে সমীপৰ উপাই নোপাৱা চাপৰি, গাভৰু চাপৰি, ভক্তে আদি চাপৰি বিচৰণ কৰি আজি নিচেই পুৱাতে বোকাখাতৰ কুৰুৱাবাহীৰ অঞ্চলৰ পৰঙনীয়া গাঁৱত উপস্থিত হয়।
পুৱাই গঁড়টো দেখা পায় পৰঙনীয়া গাঁৱৰ ৰাইজৰ মাজত হুৱাদুৱা লাগে। অৱশ্যে পিছত স্থানীয় লোকে গোলাঘাট বন সংমণ্ডলৰ নুমলীগড় খণ্ড বন কাৰ্যালয় আৰু বোকাখাত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ উপস্থিতিত বন কৰ্মীয়ে গুলী ফুটাই কাজিৰঙালৈ পুনৰ গঁড়টোক ওভতায় পথাবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে ২৬ মে’তে উলাই অহা এই গঁড়টোৰ নিৰাপত্তা প্ৰদান কৰাৰ উপৰিও ইয়াক ওভতাই পথাবৰ বাবে বনকৰ্মীয়ে অহৰহ চেষ্টা চলায় আছিল। গঁড়টোক খেদিবৰ বাবে ভক্তে নামৰ চপৰিলৈ অগৰাতলি ৰেঞ্জৰ পৰা সম্ৰাট নামৰ হাতীটোকো প্ৰেৰণ কৰা হৈছিল ৷
অৱশেষত কাজিৰঙাৰ পৰা উলায় অহা এই গড়ঁটোৱে আজি ৯ দিনৰ পিছত পুনৰ কাজিৰঙাৰ অগৰাতলি বনাঞ্চললৈ উভটি যায় ৷