বোকাখাতৰ বেংক অব বৰোডাৰ পৰা ২৩৩১গৰাকী চাহশ্ৰমিকৰ ধন জন যোজনাৰ একাউণ্টৰ ৫৩,২৭,৫০০ টকা হৰণলুকি

BankofBoroda

বেংক অব বৰোদাৰ বোকাখাত শাখাৰ পৰা ২৩৩১গৰাকী চাহ শ্ৰমিকৰ ধন জন যোজনাৰ একাউণ্টৰ পৰা মুঠ ৫৩,২৭,৫০০ টকা হৰণলুকি হোৱাত এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

বেংকটোৰ বোকাখাত শাখাত থকা ২৩৩১গৰাকী হিতাধিকাৰীৰ একাউণ্টৰ পৰা তেওঁলোকে গম নোপোৱাকৈয়ে কোনো দুস্কৃতিকাৰীয়ে উলিয়াই নিলে প্ৰধান মন্ত্ৰী ধন জন যোজনাৰ ধন৷ প্ৰায় নিৰক্ষৰ এই দুৰ্ভগীয়া হিতাধিকাৰী শ্ৰমিকসকলে প্ৰৱঞ্চনাৰ এই ঘটনাটোৰ বিষয়ে কোনো উমঘামে নাপালে।

জানিব পৰামতে, বোকাখাতৰ বৰচাপৰি আৰু লখৌজান চাহ বাগিচাৰ মুঠ ২৩৩১গৰাকী  শ্ৰমিকে চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহত  প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ আঁচনিৰ অধীনত একাউণ্ট খুলি গাইপতি ২৫০০কৈ টকা লাভ কৰিছিল।  সূত্ৰটোৱে জনোৱামতে বেংক কৰ্তৃপক্ষই এই সকল শ্ৰমিকক  সময় মতে পাছবুক আৰু এ টি এম কাৰ্ড দিব পৰা নাছিল৷

বেংক কৰ্তৃপক্ষই পাছবুকৰ বাবে হস্তাক্ষৰ কৰিব নজনা শ্ৰমিকৰ পৰা টিপ চহী লৈয়েই দুয়োখন বাগিচাৰ মুঠ ২৩৩১গৰাকীৰ শ্ৰমিকৰ প্ৰতিজনৰ একাউণ্টত ২৫০০ টকাকৈ মুঠ ৫৩,২৭,৫০০ টকা যোৱা  ২০ ফেব্ৰুৱাৰিত ভৰাই দিছিল৷ কিন্তু আচৰিত কথা আটাইকেইজন শ্ৰমিকৰ একাউণ্টৰ পৰাই এই ২৫০০ টকাটো অন্তৰ্ধান হয় ৷

ৰহস্যজনক কথাটো হ’ল, এ টি এম কাৰ্ড লাভ নকৰা শ্ৰমিকৰ একাউণ্টৰ পৰা এ টি এমৰ জৰিয়তে প্ৰথমে ২০০০ টকা আৰু পৰৱৰ্তী সময়ত ৫০০ টকা উলিয়াই নিয়া বুলি বেংকৰ তথ্যত দেখুওৱা হয়। বৃহৎ প্ৰৱঞ্চনাৰ এই ঘটনাটোৰ বিষয়ে আজিহে শ্ৰমিকসকলে জানিব পাৰে।

আজি বাগিচা দুখনৰ শ্ৰমিকসকল বেংকত উপস্থিত হৈ পাছবুক লাভ কৰি পাছবুক আপডেইট কৰাৰ পাছতে তেওঁলোকে কথাটো জানিব পাৰে।

আনহাতে এই সন্দৰ্ভত বেংকটোৰ পৰিচালকগৰাকীয়ে চাহ মজদুৰ সংঘৰ বৰচাপৰি চাহ বাগিচাৰ সম্পাদক সত্যজিত বাউৰী আৰু লখৌজান চাহ বাগিচাৰ সম্পাদক লচমন বাউৰী এই ধনৰ লেনদেনত জড়িত থকা বুলি জনোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ প্ৰধান মন্ত্ৰী ধন জন যোজনা আঁচনিৰ ধনৰ পৰা বঞ্চিত শ্ৰমিকে প্ৰাপ্য ধন বিচাৰি আৰু ধন হৰণলুকি কৰা দুষ্কৃতিকাৰীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী জনাই বাগিচা দুখনৰ শ্ৰমিক সকলে গৈ বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷

এই এজাহাৰত বাগিচা সংঘৰ সম্পাদক দুগৰাকীৰ লগতে বেংক অব বৰোদাৰ শাখা পৰিচালকজনো এই ধন হৰণলুকিত জড়িত থকা বুলি উল্লেখ কৰিছে ৷ এজাহাৰৰ আধাৰত বোকাখাত আৰক্ষীয়ে ইতিমধ্যেই সমগ্ৰ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷