NORTHEAST NOW (Assamese)

বোকাখাত সমষ্টিৰ মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবলত ৰাধাবাৰী চাহ বাগিচা চেম্পিয়ন

February 6, 2018 5:37 pm · উত্তম শইকীয়া
Updated: February 6, 2018 5:47 pm

বোকাখাত চাহ বাগিচাৰ খেল পথাৰত ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত বোকাখাত সমষ্টি ভিত্তিত মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেল অনুষ্ঠিত হয় ৷

বোকাখাত চাহ বাগিচা আৰু ৰাধাবাৰী চাহ বাগিছাৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলত ৰাধাবাৰী চাহ বাগিচাই ১ – ০ গ’লৰ ব্যৱধানত জয় লাভ কৰি সমষ্ঠিৰ ভিতৰত শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হয়।

দুই দলৰ খেলুৱৈসকলৰ সৈতে বিশিষ্ট অতিথি সকলক পৰিচয় কৰাই দিয়াৰ পিছতে চক্ৰ বিষয়া খনীন্দ্ৰ দাসে আনুষ্ঠানিক ভাৱে চুড়ান্ত উদ্বোধন কৰা খেলখনৰ আৰম্ভণীৰ মাত্ৰ ৬ মিনিটতে ৰাধাবাৰী চাহ বাগিচাৰ বসন্ত ভূঞাই দিয়া একমাত্ৰ গ’লেৰই ৰাধাবাৰী চাহ বাগিচা জয় লাভ কৰে ৷

আজি বিয়লি অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবলৰ চূড়ান্ত খেলৰ প্ৰাকক্ষণত আয়োজিত উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া খনীন্দ্ৰ দাস, বিজেপিৰ ৰাজ্যিক সম্পাদক দেব প্ৰদীপ বৰা, অগপৰ বোকাখাত জিলা সমিতিৰ সভাপতি জগত কলিতা, বোকাখাত চাহ বাগিচাৰ পৰিচালক প্ৰদীপ বৰগোহাঁই, জেনেৰেল মেনেজাৰ জিতেন্দ্ৰ সিং চাহাল, বিজেপি চাহ মৰ্চাৰ জিলা সভাপতি বীৰ কুমাৰ ছেত্ৰী, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ডাঃ পুলিন বৰকটকী, কাৰ্যকৰী সদস্য ভাস্কৰ কালিন্দী উপস্থিত থাকে ৷

অনুষ্ঠানৰ আঁত ধৰে মুখ্যমন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতাৰ বোকাখাতৰ সমন্বয়ক দ্বীপেন শইকীয়াই।

Related News