NORTHEAST NOW (Assamese)

ব্ৰহ্মপুত্ৰৰ পানীত কোনো ৰাসায়নিক পদাৰ্থ নাই : মন্ত্ৰী ৰিহন দৈমাৰী

December 21, 2017 12:05 pm · এন ই নাও নিউজ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টি গুৱাহাটীয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ পানী বিষাক্ত হোৱা নাই আৰু উপযুক্ত পৰিশোধনৰ দ্বাৰা এই পানী সেৱন কৰিব পাৰি। অবশ্যে ব্ৰহ্মপুত্ৰৰ জলৰাশি ভাৰতীয় মানদণ্ড অনুসৰি উন্নত মানৰ নহয় বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।

আই আই টি য়ে এই প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে মন্ত্ৰী ৰিহন দৈমাৰীয়ে মন্তব্য প্ৰকাশ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ব্ৰহ্মপুত্ৰৰ পানীত কোনো ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পৰা নাই। তদুপৰি এই পানী কঠিন নহয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লক্ষণীয় যে জনস্বাস্থ্য কাৰিকৰী বিবাগে যোৱা ৬ ডিচেম্বৰত শুৱালকুচি, আমিনগাওঁ, বৃহত্তৰ বোন্দা, বীৰকুচি আৰু মঠঘৰীয়া অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ পানীৰ নমুনা সংগ্ৰহৰ বাবে আই আই টি লৈ প্ৰেৰণ কৰিছিল।

 

জানিব পৰা মতে আই আই টি য়ে চলোৱা এই পৰীক্ষাৰ অন্তত প্ৰকাশ কৰা প্ৰতিবেদনত কেলছিয়াম, মেগনেছিয়াম, ছালফেট,সীহ আদিৰ দৰে পদাৰ্থ ১০৫০০-২০১২ অনুমোদিত মাত্ৰাৰ তুলনাত কম পোৱাৰ বিপৰীতে লোহ, এমনিয়াৰ দৰে পদাৰ্থ অধিক মাত্ৰাত লাভ কৰা বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰিও প্ৰতিবেদনত উল্লেখ থকা অনুসৰি ব্ৰহ্মপুত্ৰৰ পানী অতিমাত্ৰা ঘোলা হোৱাৰ বাবেই জলৰাশিৰ ৰং বগা ধৰণৰ হৈ পৰিছে লগতে এই ঘোলা পানীৰ ৰহস্য উদঘাটন কৰিবলৈ আৰু অধিক পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে।

Related News