NORTHEAST NOW (Assamese)

ব্ৰিটেইনৰ মাষ্টাৰ চেফ’লৈ অসমৰ শ্বেতা তপন চৌধুৰী

March 11, 2018 1:24 pm · এন ই নাও নিউজ

‘মাষ্টাৰ চেফ ইউ কে চিৰিজ ১৪’ৰ প্ৰতিযোগিতাত স্থান পোৱা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে শ্বেতা তপন চৌধুৰী।

তেওঁ বিবিচি অ’ৱানত সম্প্ৰচাৰ হোৱা শ্ব’টোৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে।

মূলতে গুৱাহাটীৰ বাসিন্দা শ্বেতা বৰ্তমান লণ্ডনত বাস কৰি আছে। তেওঁ লণ্ডনৰ কিংছ কলেজত ৰাজনীতি আৰু আন্তৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে পিএইচডি ৰ বাবে অধ্যয়ন কৰি আছে।

মাষ্টাৰ চেফ ইউ কে হৈছে এটি খাদ্যৰ ৰিয়েলিটি শ্ব’ য’ত এলানি ৰন্ধন প্ৰতিযোগিতাৰ জৰিয়তে ব্ৰিটেইনৰ শ্ৰেষ্ঠ খাদ্য প্ৰস্তুতকৰণ প্ৰতিভাক বিচাৰি উলিওৱা হয়।

এই শ্ব’টোৰ বিচাৰক হিচাপে আছে গ্ৰেগ ৱালেচ আৰু জন টৰ’ডে।

শ্ব’টোৰ চাৰিটা শাখা আছে : মাষ্টাৰ চেফ, মাষ্টাৰ চেফ : দ্য প্ৰফেছনেলছ আৰু জুনিয়ৰ মাষ্টাৰ চেফ।

১৯৯০ চনত প্ৰথম মাষ্টাৰ চেফ শ্ব’টো আৰম্ভ কৰা হৈছিল আৰু এতিয়া এইটো বিশ্বৰ আটাইতকৈ সফল শ্ব’ হিচাপে পৰিগণিত হোৱাৰ লগতে দেশখনত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছে।

 

Related News