NORTHEAST NOW (Assamese)

বড়োলেণ্ড বিশ্ববিদ্যালয়ত এছ বি আইৰ এটিএম উন্মোচন

February 19, 2018 7:56 pm · ৰিনয় বসুমতাৰী

আজি কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএম আনুষ্ঠানিকভাবে শুভউদ্বোধন কৰে। কোকৰাঝাৰৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত এছ বি আইৰ এয়া দ্বিতীয়টো এটিএম স্থাপন। ইয়াৰ পূৰ্বে এছ বি আয়ে চেণ্ট্ৰেল ইনষ্টিটিউট অৱ টেকন’লজী চমুকৈ চি আই টিত স্থাপন কৰিছিল এটা এটিএম।

কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মূল তোৰণৰ বিপৰীত দিশত এই এটিএমটো স্থাপন কৰা হয়। এটিএমটো আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই।

উন্মোচনী অনুষ্ঠানত উপস্থিত থকা এছ বি আইৰ উত্তৰ-পূৰ্বাঞ্চল চাৰ্কোলৰ মহাপ্ৰৱন্ধক পিভিএছএলএন মুৰ্থীয়ে এই এটিএমটো স্থাপনৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিশ্ববিদ্যালয়খনলৈ পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো পৰ্যায়ৰ লোকৰে সুবিধা হ’ব বুলি আশা ব্যক্ত কৰে। তেওঁ লগতে কয় যে এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা কৰ্মচাৰীসকলে টকা উলিয়াবৰ বাবে কোকৰাঝাৰ চহৰলৈ যাব নালাগে।

উল্লেখযোগ্য যে উন্মোচনী অনুষ্ঠানত মহাপ্ৰৱন্ধক ওপি মিশ্ৰা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ ড০ শেখৰ ব্ৰহ্ম, বড়োলেণ্ড মহাবিদ্যালয় আন্তঃগাথনি উন্নয়ন সমিতিৰ পৰিচালক ড০ দীননাথ বসুমতাৰীৰ লগতে অন্যান্য বিশিষ্ট লোকো উপস্থিত থাকে।

Related News