বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া, বড়ো ভাষাৰ গৱেষকৰ গৱেষণাপত্ৰ দাখিল সম্পৰ্কত স্থিতি স্পষ্ট কৰিলে উপাচাৰ্যই

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱা। ফটো: ৰিনয় বসুমতাৰী

অসমীয়া, বড়ো ভাষাৰ গৱেষক ছাত্ৰই পিএইচডি ডিগ্ৰী লাভৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইংৰাজী ভাষাত গৱেষণাপত্ৰ জমা দিব লাগিব প্ৰকাশিত বাতৰিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যি সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ সিদ্ধান্ত মৰ্মে বিশ্ববিদ্যালয়খনত আধুনিক ভাৰতীয় ভাষা বিভাগসমুহ যেনে বড়ো,বাংলা,হিন্দী আদি ভাষাৰ গৱেষণাপত্ৰসমুহ উক্ত ভাষাতে জমা দিব পাৰিব বুলি কোৱা হৈছে তেনে সময়তে কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এনে  সিদ্ধান্তৰ বাতৰিত গৱেষকসকল বিব্ৰত হৈ পৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ে যোৱা ২৯ জুনত অনুষ্ঠিত একাডেমিক কাউন্সিলৰ সিদ্ধান্তমৰ্মে বিশ্ববিদ্যালয়খনত আধুনিক ভাৰতীয় ভাষা বিভাগসমুহ যেনে বড়ো,  বাংলা,হিন্দী আদি ভাষাৰ গৱেষণাপত্ৰসমুহ উক্ত ভাষাতে জমা দিব পাৰিব বুলি কোৱা হৈছে। কিন্তু ইয়াৰ বিপৰীতে কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ,বড়ো বিভাগৰ গৱেষকে অসমীয়া, বড়োৰ সমান্তৰালভাৱে ইংৰাজী ভাষাতো নিজৰ গৱেষণাপত্ৰ তৰ্জমা কৰি দিব লাগিব বুলি নিৰ্দেশ দিয়া বুলি ওলোৱা বাতৰিয়ে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰে।

আনহাতে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই বুধবাৰে নিজ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্থিতি স্পষ্ট কৰিছে। উপাচাৰ্যই কয় যে যিহেতু গৱেষকসকলৰ গৱেষণাপত্ৰ বাহিৰত পঠোৱাৰ নিয়ম আছে সেয়েহে গৱেষকসকলে তেওঁলোকৰ গৱেষণাপত্ৰৰ সাৰাংশৰ দুটা কপি ইংৰাজীত তৰ্জমা কৰি দিব লাগিব। এইক্ষেত্ৰত বড়ো বিভাগৰ ক্ষেত্ৰতো একে নিয়ম বুলি মন্তব্য কৰিছে উপাচাৰ্যগৰাকীয়ে। ইতিমধ্যে বড়ো বিভাগৰ গৱেষকে নিজৰ গৱেষণাপত্ৰৰ সাৰাংশ ইংৰাজীত তৰ্জমা কৰি আৰু সেই  গৱেষণাপত্ৰ জমা দি পিএইচডি লাভ কৰা বুলিও তেওঁ সদৰি কৰে।