NORTHEAST NOW (Assamese)

বড়ো মাধ্যমৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক লৈ চিন্তিত ‘বড়ো সাহিত্য সভা’

July 11, 2018 10:11 am · ৰিনয় বসুমতাৰী
Updated: July 11, 2018 10:12 am

বিটিএডিৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহলৈ আহিছে অশনি সংকেত। প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈ সকলো বড়ো মাধ্যমৰ বিদ্যালয় এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত। বিশেষকৈ এই বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে দিনক দিনে কমি আহিছে শিক্ষক।

বড়ো সাহিত্য সভাৰ সভাপতি টৰেণ বড়ো আৰু সম্পাদক প্ৰশান্ত বড়োৱে এই সংক্ৰান্তত কোকৰাঝাৰৰ বড়োলেণ্ড গেষ্ট হাউছত এখন সংবাদমেলৰ আয়োজন কৰি উল্লেখ কৰে যে বড়ো মাধ্যমত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু এই বিদ্যালয় সমূহত শিক্ষক নিযুক্তি দিয়া বিষয়টো আমি গুৰুত্বসহকাৰে লৈছো।

বিটিএডি অঞ্চলত অৱস্থিত বড়ো মাধ্যমৰ বিদ্যালয় সমূহত সৰ্বমুঠ ১৭০০ টা শিক্ষকৰ পদ খালী হৈ আছে। আৰু আমি বিষয়টোৰ গুৰুত্ব বুজি বি টি চি প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰীক সাক্ষাত কৰি এই খালী পদ সমূহ পূৰণ কৰাৰ দাবী জনাইছো। আৰু এই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰিছে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

বড়ো সাহিত্য সভাৰ বিষয়া দুগৰাকীয়ে এই সংক্ৰান্তত আৰু কয় যে বিটিচিৰ শিক্ষা বিভাগৰ সহযোগত বড়ো সাহিত্য সভাই বিটিএডিৰ চাৰিওখন জিলাতে শিক্ষক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই শিক্ষক সজাগতা কাৰ্যসূচী আৰম্ভণি দেব্ৰোগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ’ব বুলি সংবাদমেলতে তেওঁলোকে সদৰী কৰে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিটিচিৰ উপ প্ৰধান কাম্পা বৰগয়াৰী, বিটিচিৰ শিক্ষা সঞ্চালকৰ লগতে শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকিব।

উল্লেখ্য যে এই শিক্ষক সজাগতামূলক অনুষ্ঠান বিচিএডিৰ প্ৰত্যেকটো শিক্ষা ব্লকতে অনুষ্ঠিত হ’ব আৰু ৩০ জুলাইত এই কাৰ্যসূচীৰ সামৰণি পৰিব ওদালগুৰি জিলাৰ মাজবাটত।

Related News