বৰডুমচাৰ গুলীয়াগুলী : আলফাৰ গুলীত প্ৰাণ গ’ল বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ

Bhaskar Kalita

৪ মে'ত চহিদ হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতা

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত কুজুপথাৰত চি আৰ পি এফ আৰু আৰক্ষীৰে আলফা (স্বাঃ)ৰ মাজত চলি থকা প্ৰচণ্ড গুলীয়াগুলীত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতা নিহত হয়।

উল্লেখযোগ্য যে প্ৰচণ্ড গুলীয়াগুলীৰ মাজতে নিষিদ্ধ সংগঠনটোৱে দুটাকৈ গ্ৰেণেড বিস্ফোৰণ ঘটায়। ফলত কেইবাজনো আহত হোৱাৰ আশংকা কৰা হৈছে। বৰ্তমানো আৰক্ষীৰ দলটোৱে উক্ত অঞ্চলটো ঘেৰাও কৰি অভিযান চলাই আছে।

আৰক্ষীৰ প্ৰকাশ কৰা মতে অঞ্চলটোত সংগঠনটোৰ প্ৰায় ৭ জনীয়া এটা দল আছিল। ইয়াৰে দুজন আলফা (স্বাঃ)ৰ সদস্য গুলীয়াগুলীত নিহত হোৱাৰ লগতে দুগৰাকী মহিলা সদস্যক গ্ৰেপ্তাৰ কৰিছিল।

এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ওপৰত ভিত্তি কৰি আৰক্ষী আৰু চি আৰ পি এফে অঞ্চলটোত আলাফ (স্বাঃ)ৰ বিৰুদ্ধে অভিযান চলায়। অভিযান কালত দুই ফৈদৰ মাজতে প্ৰচণ্ড গুলীয়াগুলী চলে।