NORTHEAST NOW (Assamese)

বৰপেটাত হোমেন বৰগোহাঞিৰ দ্বাৰা ‘গোকুল পাঠক ৰচনাৱলী’ উন্মোচন

May 27, 2018 10:31 pm · পুলেন্দ্ৰ দাস

শিল্পী পেঞ্চনাৰ, বিষু্ণৰাভা বঁটা প্ৰাপক, শিল্পী, সাহিত্যিক তথা সাংবাদিক গোকুল পাঠকৰ সাহিত্যৰাজি একত্ৰিত সংকলন ‘গোকুল পাঠক ৰচনাৱলী’ আজি উন্মোচন কৰা হয়। এই উপলক্ষে বৰপেটা জিলা পুথিভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন গাম্ভীৰ্যপূৰ্ণ সভা।

বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে লেখক, সাংবাদিক তথা চিন্তাবিদ হোমেন বৰগোহাঞিয়ে। গ্ৰন্থখন উন্মোচন কৰি বৰগোহাঞিয়ে গোকুল পাঠকক সাংস্কৃতিক আকাশৰ উজ্জল নক্ষত্ৰ বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে অনন্য, স্বতন্ত্ৰ আদি বিভূষণেৰে বিভূষিত বৰপেটা চহৰৰ লোক সংগীতৰ পথাৰত গোকুল পাঠকে নিৰবিচ্ছিন্ন ভাৱে কাম কৰি আহিছে। ‘গোকুল পাঠক ৰচনাৱলী’য়ে অন্য এক মাত্ৰা প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰি বৰগোহাঞিয়ে কয় যে পৃথিৱীখনক আমি যি দৰে পাও তাতকৈ অধিক ভাল দৰে যাতে পৃথিৱীখনক এৰি যাব পাৰো তাৰ বাবে প্ৰত্যেকেই চেষ্টা কৰিব লাগিব।

গোকুল পাঠক ৰচনাৱলী সম্পাদনা সমিতিৰ উদ্যোগত অনুষ্ঠিত উন্মোচনী সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে সাম্প্ৰতিক সময়ত স্বদেশ প্ৰেমৰ ভাও লোৱা লোক বেছি, বচন নমতাকৈও স্বদেশ প্ৰেম কৰিব পাৰি। গোকুল পাঠকৰ ৰক্তত দেশ প্ৰেম প্ৰবাহিত হোৱা বুলি উল্লেখ কৰি পাঠকে দেশ আৰু জাতিটোৰ বাবে বহু কাম কৰি যোৱা বুলিও হুছেইনে মন্তব্য কৰে। অভাৱ, লোভ, মোহ আদি জয় কৰা গুণৰ অধিকাৰী গোকুল পাঠকৰ ‘একো নাই যদিও সকলো আছে’ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় হুছেইনে।

সভাত উপস্থিত থাকি সভাৰ মধ্যমণি গোকুল পাঠকে ৰাইজক উদ্দেশ্যি চমু বক্তব্য আগবঢ়ায়। সভাত স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাস, সাংস্কৃতিক কৰ্মী গোপাল জালান, সম্পাদনা সমিতিৰ সম্পাদক তথা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰেও গোকুল পাঠকৰ ওপৰত চমু বক্তব্য দাঙি ধৰে।

সম্পাদনা সমিতিৰ সম্পাদক তথা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে ভাষণ প্ৰসংগত উল্লেখ কৰে যে  ‘গোকুল পাঠক ৰচনাৱলী’ গ্ৰন্থখন বিক্ৰী কৰি পোৱা ধনেৰে গোকুল পাঠক ন্যাস গঠন কৰি সমাজৰ কিছু উল্লেখযোগ্য কাম কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিব।

গাম্ভীৰ্যপূৰ্ণ সভাখনত ‘আৱাহন থিয়েটাৰ’ৰ প্ৰযোজক কৃষ্ণ ৰয়, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাস, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আদিকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি আৰু বহু লোক উপস্থিত আছিল।

Related News