দৌল উৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ চৌদিশ আন্দোলিত হ’ল হোলীগীতৰ মধুৰতাত। উল্লেখযোগ্য যে বৰপেটাৰ প্ৰধান উৎসৱ দৌল উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে।
এই উপলক্ষে বিগত কেইবছৰৰ দৰে এইবাৰো আজি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰে হোলীগীত প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ জৰিয়তে আয়োজকসকলে প্ৰতিজনৰ মাজতে অধিক উছাহ-উদ্দীপনা কঢ়িয়াই অনাৰ প্ৰয়াস চলায়।
আজি বৰপেটা মটৰ শ্ৰমিক য়ুনিয়ন কাৰ্যালয় প্ৰাংগণত আজি অনুষ্ঠিত কৰা এই হোলীগীত প্ৰতিযোগিতা পুৱা দহ বজাত উদ্বোধন কৰে বৰপেটা জিলাৰ উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। উদ্বোধনী ভাষণত উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, গুৰুজনাৰ পবিত্ৰ ভূমিত উদযাপন হোৱা এই হোলী উৎসৱে সামাজিক বান্ধোন অধিক মজবুত কৰি তোলাত অন্যতম ভূমিকা গ্ৰহণ কৰিব। এনে প্ৰতিযোগিতাসমূহে অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক দিশত আগুৱাই নিয়াত যথেষ্ট সহায় কৰিব বুলি উল্লেখ কৰে বৈশ্যই।
উদ্বোধনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰদীপ দাস, বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে ভাষণ প্ৰদান কৰে।
দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ‘ক’ শাখাত ১২ টা দলে আৰু ‘খ’ শাখাত ২০ টা দলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত ‘ক’ শাখাত ৰংপুৰহাটীৰ বিদিস্মিতা দাসৰ দলে প্ৰথম স্থান, গণককুছি পাথাৰহাটীৰ সুস্মিতা দাসৰ দলে দ্বিতীয় স্থান আৰু পাটবাউসী শংকৰী সংগীত বিদ্যালয়ে তৃতীয় স্থান দখল কৰে।
একেদৰে প্ৰতিযোগিতাখনৰ ‘খ’ শাখাত বিলৰতাৰিহাটীৰ সৌৰভ দাসৰ দলে প্ৰথম স্থান, ভকতপাৰাৰ দক্ষ দাসৰ দলে দ্বিতীয় স্থান আৰু বৃন্দাবনহাটীৰ উষা দাসৰ দলে তৃতীয় স্থান দখল কৰে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। দলসমূহে পৰিৱেশন কৰা হোলীগীতসমূহে দৰ্শক ৰাইজক আপ্লুত কৰি তোলে।